পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
গণ-বিপ্লৱ

 চাওদাঙে তেতিয়াই উধাই-মূধাই চমটাৰে কোবাবলৈ ধৰিলে। কোবত ৰাঘৱৰ পিঠি ছিৰাছিৰ হৈ ফাটিল আৰু কাপোৰ-কানি তেজেৰে ৰাঙলী হ’ল। কুৰি কোবমান মৰা হলত বৰবৰুৱাই ক'লে—“এতিয়া মেলি দে।” তাৰ পাচত ৰাঘৱলৈ চাই ক'লে,—“মনত ৰাখিবি মোক অবজ্ঞা কৰাৰ এয়ে প্ৰতিফল।”

 ইমান কোবতো ৰাঘৱ কোঁট-কাঁট নকৰিলে; মেলি দিলতো কোনো কথা নকলে। তেওঁৰ মুখৰ গঢ় তেতিয়া এনে হৈছিল যে চিকাৰৰ ওপৰত জঁপিয়াই পৰিবলৈ ধৰা এটা বাঘ হে। চকুৰ পৰা যেন ফিৰিঙতিহে উফৰিছিল।

 বৰবৰুৱাই ক'লে,—“যা, গুচ মোৰ আগৰ পৰা।”

 ৰাঘৱে নামাতিলে; ধীৰে ধীৰে ওলাই গ'ল। যাবৰ সময়ত বৰবৰুৱালৈ এবাৰ এনেভাবে চাই গ'ল যে সেই দৃষ্টিত বৰবৰুৱাৰো বুকু কঁপি উঠিছিল।