এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬২
গণ-বিপ্লৱ

 মানুহ।—মোৰ নাম ৰাঘৱ মৰাণ।

 চাওদাঙে তেওঁৰ হাতত ধৰি ক’লে,—“বৰবৰুৱাৰ আদেশ- মতে তোক আমি বন্দী কৰিলোঁ। এতিয়া বৰবৰুৱাৰ ওচৰলৈ যাব লাগিব।”

 চাওদাঙৰ কথাত ৰাঘৱৰ গঢ় লৰিল; কপালৰ গাঁঠি থোঁপা হ’ল। তেওঁৰ মূৰ্ত্তি দেখি এনেহে বোধ হৈছিল যেন তেওঁ দুয়োটাকে আছাৰি মাৰিব। কিন্তু তেওঁ একো নকৰিলে; একো নামাতিলে; চাওদাঙৰ নিৰ্দ্দেশমতে আকৌ উলটি খোজ ল’লে।

 সেই দিনা ৰাঘৱে ৰজা ঘৰত খৰি যোগাবলৈ গৈছিল। বৰবৰুৱাক জাননী দি ভঁৰালত খৰি গতাই দিওঁতেই দুপৰ পাৰ হ’ল। আহিবৰ সময়ত বৰবৰুৱাক সেৱা জনাই অহাটো নিয়ম। ৰাঘৱেও নিয়ম মতে বৰবৰুৱাৰ ওচৰত বিদায় লবলৈ গ’ল। কিন্তু বৰবৰুৱা তেতিয়া চ’ৰাত নাছিল। দুৱৰীয়ে কলে বোলে তেওঁ মেলত বহিছে। ডাঙৰ লোকৰ ডাঙৰ খাৱন যে সোনকালে শেষ নহয় তাক ৰাঘৱে জানিছিল; সেই কাৰণে লগ পাব খুজিলে কিমান পৰ ৰব’ লাগিব তাৰ ঠিক নাছিল। ইফালে ভোকত পেটতো শাণে কটা দি কাটিছিল। কিছু সময় অপেক্ষা কৰি তেওঁৰ আমনি লাগিল। তেতিয়া দুৱৰীক কাবৌ-কোকালি কৰি বৰবৰুৱাৰ পুতেকৰ লগ ধৰি সকলো কথা দেউতাকক কবলৈ কৈ তেওঁ বিদায় ল’লে।

 ভোজনৰ অন্তত কথাটো শুনি বৰবৰুৱা খঙত একো নাই হ’ল, আৰু তেতিয়াই চাওদাং দুটাক ৰাঘৱক বাটৰ পৰা ধৰি

আনিবলৈ আদেশ দিলে।