এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬০
গণ-বিপ্লৱ

নগৰলৈ ঘনাই অহা হ'ল আৰু কাম নাথাকিলেও নগৰৰ কাষৰতে দুই-এদিন থকাৰ দিহা কৰি ল’লে।

 ৰমাকান্তৰ লগত ঘনাই দেখা হৈ থকাত লখিমীৰ সঙ্কোচ আঁতৰ হ’ল। তেওঁ শেহত ৰমাকান্তৰ উপহাৰ তুলি ল’লে। ৰমাকান্তৰ সাহ জন্মিল। মানুহ-দুনুহ চাই-চিতি এদিন তেওঁ লখিমীৰ আগত থিয় দিলে। লখিমীয়ে তেওঁৰ মুখলৈ চাই তলমূৰ কৰিলে; কোনো ভয়ৰ লক্ষণ দেখা নগ’ল। ৰমাকান্তৰ সাহ আৰু বাঢ়িল। তেওঁ ক’লে,—“ভয় নাখাবা, মই মাত্ৰ তোমাক কথা এটা সুধিব খুজিছোঁ। তোমাক বিয়া কৰাবৰ মোৰ মন। মই মৰাণ-নায়ক নাহৰৰ পুত্ৰ। তোমাৰ মত আছে নে নাই মই জানিব খোজোঁ।”

 বাৰে বাৰে সোধাতে লখিমী নিমাত হৈ থাকিল, কিন্তু ৰমাকান্তই উত্তৰ নোপোৱাকৈ নেৰিলে। শেহত লখিমীয়ে অতি মিহি মাতেৰে ক’ব লগাত পৰিল,—“আছে।”

 তৎক্ষণাৎ ৰমাকান্তই লখিমীৰ হাতত ধৰি এটা আঙঠি পিন্ধাই দিলে। লখিমী লৰালৰিকৈ আঁতৰ হ’ল। ৰমাকান্তও আন ফালে দি গুচি গ’ল।

———