এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫১
কীৰ্ত্তি বৰবৰুৱা

 কীৰ্ত্তিচন্দ্ৰ ৰাজেশ্বৰ সিংহৰ বৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল আৰু সেই বাবেই ৰজাই সকলো দায়িত্বপূৰ্ণ কামৰ ভাৰ তেওঁকেই অৰ্পণ কৰিছিল।

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত ব্ৰহ্মদেশৰ মানতৰা সেনাপতিয়ে মণিপুৰ আক্ৰমণ কৰে। তাৰ প্ৰতিৰোধ কৰিব নোৱাৰি মণিপুৰৰ ৰজা জয়সিংহই আহোম ৰজাৰ সাহায্য প্ৰাৰ্থনা কৰে। স্বৰ্গদেৱে জয়সিংহৰ অনুৰোধ ৰক্ষা কৰি সাহায্যৰ নিমিত্তে হৰনাথ ভিতৰুৱাল ফুকনক মণিপুৰলৈ পঠিয়ায়। হৰনাথে দুৰ্গম বাটত লতা কাটি যাওঁতে বাট হেৰুৱালে আৰু নানা দুৰ্গতি ভুঞ্জি উলটি আহিল। এই বাৰ বৰবৰুৱা নিজে গ’ল, কিন্তু যুদ্ধ কৰিব লগা নহ’ল। আহোম সেনা যোৱাৰ গম পায়েই মানতৰা মণিপুৰ এৰি পলাল। জয়সিংহই কৃতজ্ঞতাৰ চিন-স্বৰূপে নিজৰ জীয়েক কুৰঙ্গয়নীক নানা যৌতকেৰে সৈতে ৰাজেশ্বৰসিংহলৈ আগ বঢ়াই কীৰ্ত্তিচন্দ্ৰৰ হাতত অৰ্পণ কৰিলে। যুদ্ধ নকৰাকৈয়ে জয়লাভ কৰি কীৰ্ত্তিচন্দ্ৰ ৰংপুৰলৈ উলটিল আৰু নিজে কন্যা- দাতা হৈ কুৰঙ্গনয়নীক ৰাজেশ্বৰ সিংহৰ লগত বিয়া দিলে। ইয়াৰ পিচৰ পৰা কীৰ্ত্তিচন্দ্ৰৰ প্ৰতিপত্তি আৰু বাঢ়িল। ৰাজেশ্বৰসিংহই প্ৰায় সকলো ৰাজ-ক্ষমতা তেওঁকে এৰি দি নিজে শান্তিৰে কাল কটাবলৈ ধৰিলে।

 কীৰ্ত্তিচন্দ্ৰৰ ইমান উন্নতি ডাঙৰীয়া আৰু বিষয়াসকলৰ আশঙ্কাৰ কাৰণ হৈ উঠিল। তেওঁলোকে বৰবৰুৱাক আগৰে পৰা পেটে পেটে ঘিণ কৰিছিল। শেহত তেওঁৰ অতিপাত