এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




দশম অধ্যায়।

কীৰ্ত্তি বৰবৰুৱা।

 ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত বৰবৰুৱা আছিল কীৰ্ত্তিচন্দ্ৰ। এওঁ সামান্য কাঁড়ীৰ ঘৰৰ ল’ৰা। সৰুৰে পৰা বৰ বুদ্ধিমান আৰু মেধাবী হোৱাৰ বাবে ৰাজ অনুগ্ৰহ লাভ কৰি দোপত দোপে উঠি শেহত তেওঁ বৰবৰুৱা হয়।

 কীৰ্ত্তিচন্দ্ৰৰ অগৰ নাম আছিল গেন্ধেলা। তেওঁ কাঁড়ী পাইক আছিল। সাধাৰণ নিয়মমতে কোনো কাঁড়ী চমুৱাৰ তালিকাত সোমোৱাৰ পাচত হে বিষয়া হ’ব পাৰে। কিন্তু গেন্ধেলা চমুৱা নোহোৱাকৈয়ে বিষয়া হয়; নামটো কাঁড়ী কাকততে থাকি যায়। এবাৰ কীৰ্ত্তিচন্দ্ৰই পাইকৰ হিচাপ লওঁতে গেন্ধেলা নামৰ পাইক এটা নোলাল। যিজন বৰাৰ গাত সেই পাইকৰ ভাৰ আছিল, বৰবৰুৱাই তেওঁক মতাই আনিলে আৰু পাইকটো লুকুওৱাৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব খুজিলে। বৰাই ভয়ত কঁপি-জঁপি হাত যোৰকৈ ক’লে,—“দেউতা ঈশ্বৰে ছাঁ লেখিছে, গা লেখিলেই পাইক ওলাব।”

 ৰৰা কথাত বৰবৰুৱাই বুজিলে তেওঁ নিজেই সেই পাইক। তেতিয়াই তেওঁ কাঁড়ী পাইকৰ তালিকাৰ পৰা নামটো কাটি থ’লে, কিন্তু এজন বৰাৰ ওচৰত এনেকৈ ধৰা পৰাত বৰকৈ লাজ পালে।