এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৮
গণ-বিপ্লৱ

তোমালোকে নামানা। সচাকৈয়ে যদি তোমালোক ধাৰ্ম্মিক, তোমালোকে ভূত-ভবিষ্যং সকলো জানা। সেই দেখি তোমালোকক মাতিছোঁ। তোমালোকে গাই পতি ক’ব লাগিব মোৰ সন্তানটো কি আৰু কেনেকুৱা হ’ব। যদি তোমালোকৰে, কথা মিলে বুজিম তোমালোক সচাকৈয়ে ধাৰ্ম্মিক; আৰু যদি নিমিলে, তেতিয়া বুজিম তোমালোক ভণ্ড। তেতিয়া হয় তোমালোকে তোমালোকৰ ধৰ্ম্ম এৰিব লাগিব, নহয় প্ৰাণদণ্ড গ্ৰহণ কৰিব লাগিব।”

 কুৱঁৰীৰ কথাত মহন্তসকল বিচুৰ্ত্তি হ’ল, কিন্তু নক’লেও অগত্যা নিজৰ অনুমান মতে কোনোৱে লৰা আৰু কোনোৱে ছোৱালী হ’ব বুলি ক’লে। কেনেকুৱা হ’ব সেই বিষয়েও যাৰ যেনে বিশ্বাস তেনে ভাবেই অভিমত প্ৰকাশ কৰিলে। নামাতিলে মাথোন চতুৰ্ভুজে।

 চতুৰ্ভুজে নমতাৰ কাৰণ আছিল। তেওঁ বাক্‌সিদ্ধ পুৰুষ। তেওঁৰ মূখত যি ওলাব সি হব’ই। ফুলেশ্বৰী প্ৰতি তেওঁৰ সদ্ভাব নাছিল; সেই কাৰণে তেওঁ মুখ মেলিলে অভিশাপ ওলোৱাৰেই সম্ভাবনা। ইয়াকে ভাবি তেওঁ একো ক’ব নুখুজিলে। ফুলেশ্বৰীয়ে ভাবিলে শাস্তিৰ ভয়তহে চতুভুজে তেনেকৈ গা সৰুৱাৰ খুজিছে। সেই কাৰণে তেওঁ নানা কটূক্তি কৰি চতুভুৰ্জক ক’বলৈ বাধ্য কৰিলে। তেতিয়া চতুৰ্ভুজে ক’লে,—“সময়ত নিজে জনাটোৱেই ভাল আছিল; আগ ধৰি জনাৰ পৰা লাভ নহ’ব। তথাপি যেতিয়া নক’লে নেৰে,কওঁ শুনক,—আপোনাৰ সন্তান লৰা বা ছোৱালী একো