এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৭
অভিশাপ

 শিষ্য। প্ৰভুৱে তেন্তে কি কৰিবলৈ কয়?

 চতুৰ্ভুজ।—শুনা, আমি বৈষ্ণৱ; দয়া, ক্ষমা, পৰোপকাৰ আমাৰ ধৰ্ম্ম। যুদ্ধ বিগ্ৰহ আমাৰ ধৰ্ম্মৰ বাহিৰত। তথাপি যদি যুদ্ধ কৰিবলৈ বাধ্য হ’ব লগাত পৰে, তেন্তে এনে ভাবে সাজু হ’ব লাগিব যাতে আমি জিকিব পাৰোঁ, নাইবা সকলোটিয়েই একেলগে প্ৰাণ দিব পাৰোঁ। সেই কাৰ্য্য ততালিকে হ’ব নোৱাৰে। তোমালোকে তাৰ বাবে ৰাইজক সাজু কৰাঁগৈ। যেতিয়ালৈকে আমাৰ আয়োজন সম্পূৰ্ণ নহয়, তেতিয়ালৈকে হাজাৰ লাঞ্ছনা অত্যাচাৰ হলেও যেন সকলোৱে সহি থাকে, মোৰ আদেশ নোপোৱালৈকে যেন কোনেও ৰাজ শক্তিৰ বিৰুদ্ধে অস্ত্ৰ নলয়।

 গুৰুৰ কথাত শিষ্যসকল নিজ নিজ ঠাইলৈ উলটি গ’ল আৰু তলে তলে বিদ্ৰোহৰ আয়োজনত লাগিল।

 ইফালে ফুলেশ্বৰীয়ে চতুৰ্ভুজৰ ব্যৱহাৰৰ কথা পাহৰা নাই। তেওঁ ৰাজধৰ্ম্মৰ বিৰোধী সকলোকে শাস্তি দিবলৈ সক্ষম কৰিলে আৰু অকল মায়া-মৰীয়াকেই নহয়, আন মহাপুৰুষীয়া লোককো হোৱাই-নোহোৱাই উৎপীড়ন কৰিবলৈ ধৰিলে আৰু বহুতৰ প্ৰাণ ল’লে। ইমানতো ৰাণীৰ মনত সন্তোষ নুপজিল। শেইত তেওঁ বৈষ্ণৱ মহন্তসকলক শাস্তি দিবৰ নিমিত্তে আন এটা ফন্দী উলিয়ালে।

 ৰাণী সগৰ্ভা আছিল। দুৰ্গাপূজাৰ কিছু দিনৰ পাচত তেওঁৰ আক্ৰোশ থকা মহন্ত সকলক মতাই আনি ক’লে,— “তোমালোকে ধাৰ্ম্মিক বুলি অহঙ্কাৰ কৰা, আনৰ ধৰ্ম্ম