এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে




সপ্তম অধ্যায়

অভিশাপ।

 সত্ৰলৈ উলটি আহি চতুৰ্ভুজে অনিচ্ছাকৃত দোষৰ বাবে সাত দিন লঘোন দি নাম-কীৰ্ত্তন কৰি কটালে। এই কেই দিন তেওঁ ঈশ্বৰ চিন্তাৰ বাহিৰে আন একোতে মন কাণ দিয়া . নাছিল।

 ফুলেশ্বৰী কুঁৱৰীয়ে চতুভুৰ্জক অপমান কৰাৰ কথা জানিবলৈ পাই শিষ্যবৰ্গৰ মনত দাৰুণ আঘাত লাগিল। তাৰ প্ৰতীকাৰৰ উপায় উলিয়াবলৈ নানা ঠাইৰ পৰা বহুতো মুখিয়াল শিষ্য গুৰুৰ ওচৰ চাপিল। তেওঁলোকে ক’লে,—“প্ৰভু, বৰ ৰজাৰ অতপালি ইমানকৈ বাঢ়িছে যে আমি আৰু চাই থকা উচিত নহয়। আপুনি আদেশ দিয়ক, আমি যুদ্ধ কৰিম; আন নহলেও ধৰ্ম্মৰ নিমিত্তে প্ৰাণ দিম।”

 চতুৰ্ভুজ।—যুদ্ধ বুলিলেই যুদ্ধ নহয়। যুদ্ধ কৰিবলৈ আমাৰ কি আছে! ৰজাৰ কাঁড়ী, হিলৈদাৰী, ঘোৰা-চোৱাৰী আদিৰ লগত আমি জনচেৰেক যুদ্ধ কৰিবলৈ ওলোৱা মানে মৰিবলৈ ওলোৱা। তাৰ পৰা লাভ নহয়।

 শিষ্য।—তথাপি আমাৰ ধৰ্ম্ম ৰক্ষা পৰিব।

 চতুৰ্ভুজ। —মৰা কেইজনৰ বাৰু ধৰ্ম্ম ৰক্ষা হ’ল, জীয়াই থকাবাৰৰ কি গতি হ’ব?