এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
মহাষ্টমী পূজা

আয়োজনত, ঘাইকৈ বঙালী যাত্ৰা আৰু নাচ-গান অনাত হাজাৰ হাজাৰ টকা খৰচ হৈছে। হাজো, ডেৰগাওঁ আৰু মণিপুৰৰ পৰা ও নাচনী অনা হৈছে। পাইকবিলাকে দিনে ৰাতিয়ে খাটিব লাগিছে। ভোজ-ভাতৰ আয়োজন জোখত, কৈও চৰা, শ শ বামুণ ভোগ প্ৰস্তুত কৰাত ব্যস্ত। চাওদাং- বিলাকে পহৰা দি চাৰিওফালে ঘূৰি ফুৰিছে।

 আজি মহাষ্টমী। দেবীৰ পূজা ষোড়শোপচাৰে হ’ব লাগিছে। পুৰোহিত আৰু তেওঁৰ লগৰীয়া কেইবাজনো; সকলোৱেই বঙালী। পূজাৰ নিমিত্তেই তেওঁলোকক বঙ্গদেশৰ পৰা অনা হৈছে। নৈবেদ্য স্তূপাকাৰ। সম্মুখৰ ঠালখন প্ৰতিমা সেৱা কৰা মানুহৰ দক্ষিণাৰে উপচি পৰিছে। দেবীৰ আগত ছাগলী আৰু ম’হৰ মূৰ পৰ্ব্বতাকাৰে দ’মাই থোৱা হৈছে। এইবোৰ জন্তু বধ কৰিবলৈ পঞ্চাশখনমান বলি-শাল পতা হৈছিল আৰু কটা জন্তুৰ তেজ বৈ যাবলৈ দিখৌলৈকে এটা জান খানি দিয়া হৈছিল।

 পূজা ঘৰ লোকাৰণ্য। কোনো কোনো বামুণ আৰু পৰ্ব্বতীয়া গোসাঁইৰ শিষ্যসকলে ধন, যশ আৰু পুত্ৰ লাভৰ আশাত ভক্তি-ভাবত আপ্লত হৈ দেবীক সেৱা কৰি প্ৰসাদ আৰু নিৰ্ম্মালি গ্ৰহণ কৰিছে। আনবিলাকে ৰজাৰ ডঁৰিলৈ ভয় কৰিয়েই তেনে কৰিছে। কিছুমানে আমোদ-প্ৰমোদ ভোজ-ভাতৰ লোভতেই পূজাত যোগ দিছে; পূজা-সেৱা খায় নে কাণত পিন্ধে তাৰ খবৰেই নাই।

 ফুলেশ্বৰীয়ে বিশ্বদেৱ তাৰু আন বিষয়াসকলেৰে সৈতে