এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চতুৰ্থ অধ্যায়।
পূজাৰ আয়োজন।

 ৰজা হৈও শিৱসিংহই আগৰ দৰেই আমোদ-প্ৰমোদতে কাল কটাইছিল; ৰাজ্য চলোৱাৰ দায়িত্ব আছিল পাত্ৰ মন্ত্ৰীসকলৰ ওপৰত। সেই কাৰণে এই নতুন ব্যৱস্থাক তেওঁ দুৰ্ভাগ্য বুলি নাভাবি সৌভাগ্য বুলিয়েই বিবেচনা কৰিলে। এই ব্যৱস্থাত ৰজাৰ সুখ-সুবিধা, আমোদ-প্ৰমোদ, ভোগ- বিলাস ষোল অনাই তেওঁৰ থাকিল, অথচ ৰাজ্য চলোৱাৰ নিচিনা গধুৰ বোজ এটা তেওঁৰ কান্ধৰ পৰা নামিল।

 বৰ ৰজা হৈ ফুলেশ্বৰীয়ে শাসন-কাৰ্য্যলৈ চকু দিলে, আৰু ৰাজ্যৰ মঙ্গলজনক কোনো কোনো কামত শক্তি নিয়োগ কৰিবলৈ আগ বাঢ়িল। আৰম্ভণতে তেওঁৰ ওপৰত ৰাইজৰ আস্থা জন্মিছিল, কিন্তু সি বেচি দিন নিটিকিল।

 বিশ্বদেৱ, জ্যোতিৰ্ভূষণকে আদি কৰি যিসকলৰ চক্ৰান্তত ফুলেশ্বৰীয়ে সিংহাসন লাভ কৰিলে, এতিয়া তেওঁলোকেই হ’ল সকলো বিষয়তে কুঁৱৰীৰ উপদেষ্টা। যি কাম তেওঁলোকে শিৱসিংহৰ হতুৱাই কৰাব নোৱাৰিলে, তাক কৰাবলৈকে তেওঁলোকৰ এই নতুন আয়োজন।

 সিংহাসন আৰোহণ কৰাৰ কেইমাহমান পাচত এদিন বিশ্বদেৱে ফুলেশ্বৰীক ক'লে,—“আজিলৈকে অসমদেশত ধৰ্ম্মৰ