এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
আগ কথা৷


 ভট্টাচাৰ্য্য উলটি আহিল। স্বৰ্গদেৱে ক'লে,—“যদিও মই নিজে শৰ নলওঁ, তথাপি মোৰ আৰু ডাঙৰীয়াসকলৰ লৰাহঁতে শৰণ ল’ব পাৰে।”

 ৰজাৰ আদেশ পাই ৰাজকুমাৰ শিৱসিংহ, প্ৰমত্তসিংহ আৰু ৰাজেশ্বৰে কৃষ্ণৰামক গুৰু ল'লে; বহুতো বিষয়াৰ লৰায়ো তেওঁ- লোকক অনুসৰণ কৰিলে। কৃষ্ণৰামৰ আগমনৰ পৰাই শ্ৰীশঙ্কৰদেৱৰ একশৰণ ধৰ্ম্মত ব্যভিচাৰ সোমাই আহিবলৈ ধৰিলে। যদিও কৃষ্ণৰামৰ নিজৰ কোনো দুৰভিসন্ধি নাছিল আৰু তেওঁৰ ধৰ্ম্মত বিশ্বাস থকা মানুহক হে ধৰ্ম্ম দিব খুজিছিল তথাপি বাপুসকলৰ ষড়যন্ত্ৰত সি ৰাজ- নৈতিক আন্দোলনত পৰিণত হৈ পৰিল। তেওঁলোকে সম্পূৰ্ণৰূপে নোৱাৰিলেও ৰুদ্ৰ সিংহক বাৰুকৈয়ে হাত কৰি লৈছিল আৰু বামুণৰ নিমত্তে বিস্তৰ সুবিধা আদায় কৰিছিল। এই কৃষ্ণৰামৰ প্ৰতিষ্ঠাই অসমত শাক্ত আৰু বৈষ্ণৱৰ ধৰ্মযুদ্ধৰ সূচনা।

⸻০⸻