এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গণ-বিপ্লৱ।


পুৰলৈকে গ'ল আৰু কৃষ্ণৰাম ভট্টাচাৰ্য নামে এজন শক্তি-সাধকক লৈ আহিল।

 সাধক আহি ৰংপুৰ পালে। কিন্তু ইয়াৰ ভিতৰতে স্বৰ্গদেৱৰ মতৰ পৰিবৰ্ত্তন ঘটিল; তেওঁ আগৰ গুৰু এৰি নতুন গুৰু ল'বলৈ অনিচ্ছা প্ৰকাশ কৰিনে। বাপুসকলে নানাপ্ৰকাৰে বুজায়ো তেওঁৰ মত লৰাব নোৱাৰিলে। ৰজাই ভট্টাচাৰ্যক অনাহকতে কষ্ট দিয়াৰ বাবে দুখ প্ৰকাশ কৰি তেওঁক তুষ্ট কৰিবলৈ যথেষ্ট ধন ৰত্ন উপহাৰ দিলে আৰু নিৰ্ব্বিঘ্নে থৈ আহিবলৈ লোক-লস্কৰ লগত দিলে। ভট্টাচাৰ্য্য উলটি গ'ল।

 ভট্টাচাৰ্য্য উলটি যোৱাৰ দুই এদিন পিচতেই অসমত এটা ডাঙৰ ভূমিকম্প হয়। আগে-পিচে ইমান ডাঙৰ ভূইকঁপ হোৱাৰ কথা কোনেও ক'ব নোৱাৰে। ৰজাই ইয়াৰ কাৰণ বুজিবলৈ দৈবজ্ঞক মাতিলে। কোৱা বাহুল্য যে বাপুসকলৰ দলত কেইজনমান প্ৰসিদ্ধ দৈবজ্ঞৰো ভিতৰি যোগ আছিল। তেওঁলোকে ৰজাৰ ওচৰলৈ অহাৰ আগতে বাপুসকলৰ লগত পৰামৰ্শ কৰি কি ব্যাখ্যা দিব তাক স্থিৰ কৰি লৈছিল।

 দৈবজ্ঞ আহিল আৰু ৰজাৰ আদেশমতে গণনা কৰিবলৈ ধৰিলে। নানাভাবে বহুত বেলি গণনা কৰি দৈবজ্ঞই ক'লে,—“স্বৰ্গদেৱ! শান্তিপুৰীয়া ভট্টাচাৰ্যক গুৰু ল'ম বুলি মতাই নি কথা নৰখাত তেওঁ কুপিত হৈছে আৰু সেই বাবেই এই অমঙ্গল ঘটিছে। ইমানতে তেওঁক সন্তুষ্ট নকৰিলে দেশ উছন যোৱাৰ ভয় আছে।”

 দৈবজ্ঞৰ কথাত ৰজাই ভয় খালে আৰু তেতিয়াই ভট্টাচাৰ্য্যক ওলোটাই আনিবলৈ মানুহ পঠিয়ালে।