পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
খটাসুৰ বধ


ধন জন ঐশ্বৰ্য্য সকলো দিবো তোক।
ৰাখিয়োক প্ৰাণেশ্বৰী দাস কৰি মোক॥
এতেক বচনে যদি নভজস মোক।
বলে ধৰি মই তেবে হৰিবো তোমাক ॥৯০
দ্ৰৌপদী বোলন্ত তবে পৰিবেক স্কন্ধ।
মানুষে অসুৰে কিনো আছয় সম্বন্ধ॥
জীৱ জন্তু খাস তোৰ নাহি জাতিকুল।
মোক নমাতিবি তই অসুৰ দুন্দুৰ [১]॥৯১
অসুৰে কাতৰ কৰে দান্তে তৃণ ধৰি।
নুবুলিবা খটাসুৰ মোহোক সুন্দৰী॥
তপে জপে পৰাক্ৰমে মই বৰ লোক।
এৰিয়া জঞ্জাল প্ৰাণেশ্বৰী ভজা মোক॥৯২
দ্ৰৌপদী বোলয় মুখ খসি যাব তোৰ।
যদি সতী পতিব্ৰতা ধৰ্ম্ম আছে মোৰ॥
অসুৰে বোলয় কৈত ধৰ্ম্মে কৰে বাস।
এহি বুলি দ্ৰৌপদীৰ চাপিলেক পাশ॥৯৩
বিষ্ণু বিষ্ণু স্মৰি দেৱী ভৈলেক অন্তৰ।
খেদি যায় বস্ত্ৰত ধৰিলা খটাসুৰ॥
দ্ৰৌপদীয়ো আজোৰ মাৰিলা টান কৰি।
হামাখুড়ি [২] খাই সিটো পড়িলা উফৰি॥৯৪


  1. দুন্দৰ-দুৰস্ত।
  2. হামাখুড়ি-মুখ ঠেকেচা।