বাগৰি অহা কল্পনাকেই বিশ্বাস কৰিছে। সেই বদ্ধমূল ধাৰণা-কল্পনা
কাব্যৰ হাস্যৰস বৰ্ণনাই অকস্মাতে সলনি কৰি দিয়ে। কাব্যৰ যোগে
পুৰণি বান্ধোনৰ পৰা খন্তেকলৈ মুক্তি লভি তেওঁলোকে হাঁহিবলৈ ধৰে।
এয়ে এৰিষ্টট্লৰ কাব্যৰ katharsis বা অনুভূতিৰ বিশুদ্ধীকৰণ।
কাব্যৰ এই হাস্যৰসৰ হাঁহিত বাস্তৱ জীৱনৰ হাঁহিৰ দৰে বিদ্ৰুপ, অভিমান,
আত্মগৌৰৱ, অনুকম্পাৰ স্থান নাই। কাব্যৰ হাঁহি অনিমিত্ত, প্ৰয়োজন-
বিবৰ্জিত অনাবিল আনন্দৰ হাঁহি। অনুভূতিৰ এই নিঃস্বাৰ্থ আৰু
স্বাধীন স্বভাৱেই সকলো সাহিত্যৰ মূলবস্তু। উপৰোক্ত কথাৰ
উদাহৰণ স্বৰূপে 'জঙ্ঘাসুৰযুদ্ধৰ' পৰা ভীম-জঙ্ঘাসুৰৰ ডবৰা-ডবৰিৰ
বৰ্ণনাটি তুলি দিয়া হল। ভীমৰ বলবিক্ৰমৰ সম্পৰ্কে সাধাৰণ যি
ধাৰণা আছিল, কাব্যত অপ্ৰত্যাশিত ভাৱে তাৰ ব্যতিক্ৰম
ঘটিছে—
“কাতি হুয়া জঙ্ঘাসুৰে পৰিবে চাহিলা।
মহাবলী হেতু তেহো থমকি ৰহিলা॥
ভীমেও ক্ৰোধত ছিদ্ৰ চাই ফুৰে বেগে।
একগোট মাথাত ধৰিল সেহি ছেগে॥
বজ্ৰত অসুৰৰ ছাল অতি টান।
ঝাম্প দিয়া অসুৰৰ ধৰিলন্ত কাণ॥
ভীমক অসুৰে ধৰিলেক টান কৰি।
ধৰণীত পড়ি কৰে বাগৰাবাগৰি॥
কাতি কৰি জঙ্ঘাসুৰে ধৰিলা ভীমক।
মাৰিলেক কীল যতমান পাৰিলেক॥
চৌৰাশী হাজাৰ মান কীলক মাৰিলা।
কতক্ষণ থাকি ভীমে ওফন্দি উঠিলা॥