পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
জঙ্ঘাসুৰ বধ

কিবা স্বপ্ন দেখো, মনুষ্যৰ মায়া,
 গুণিয়া নপাওঁ তত্ত্ব।
প্ৰত্যক্ষে দেখিলো, মনত শঙ্কিলো,
 ধৰিলা ধনু হাতত।
যি হৌক সিহৌক, শক্তি প্ৰহাবিয়া,
 মাৰি পেশো যমঘৰ।
এহি বুলি ৰাজা, ক্ৰোধত জ্বলিয়া,
 কৰিলা শক্তি প্ৰহাৰ॥ ২২৯
বেগে চলি গৈয়া, ভীমৰ হিয়াত,
 পৰি পিঠি বাজ ভৈল।
অৰ্জ্জুনৰ হিয়া, বিদাৰ কৰিয়া,
 নকুলক খেদি গৈল॥
নকুলৰ মৰ্ম্ম- স্থল ভেদি যায়,
 সহদেৱক দিলা ধাৰ *।
সহদেৱৰ বুকে, উফলি পৰিল,
 পুনঃ পুনঃ সাতবাৰ॥ ২৩০
মহা দুঃখে সহ- দেৱ মূৰ্চ্ছা গৈল,
 পুনঃ শক্তি বাজ ভৈল।
দুই সাৰথিৰ, হিয়া বিদাৰিয়া,
 উলটি তূণে পশিল।


*ধাৰ = খেদি যোৱা কাৰ্য্য।