পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কর্মবীৰ চন্দ্রনাথ

দৰং ছাত্ৰ ভঁৰাল নামেৰে এটা ভঁৰাল খুলিবলৈ ইচ্ছা কৰিছিল, কিন্তু নানা কাৰণত কাম হাতত লোৱা নহ'ল।

 চন্দ্ৰনাথে শিক্ষা বিস্তাৰৰ নিমিত্তে নানা উপায় ভাবি খেপিয়াই ফুৰোঁতেই অসহযোগ আন্দোলনৰ ঢৌত পৰি সেই বিষয়ে খামোচ এৰি দিব লগাত পৰে। অসহযোগী হৈ তেওঁৰ পূৰ্বৰ সংস্কল্প এৰি কেনেকৈ জাতীয় বিদ্যালয় স্থাপন কৰিব, তাৰ চেষ্টাত লাগিল। অসহযোগৰ নীতি মতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাত বাধা জন্মোৱা উচিত বুলি ভাবি তেওঁ ছাত্ৰসকলক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। পূৰ্বে যি ছাত্ৰক তেওঁ সাহায্য কৰি স্কুল-কলেজত পঢ়াবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁলোককো শিক্ষা শেষ কৰিবলৈ উপদেশ দিছিল। তেওঁ ভাবিছিল সোনকালে স্বৰাজ লাভ হলে জাতীয় আদৰ্শত শিক্ষা বিস্তাৰ কৰিব, কিন্তু তেওঁৰ সপোন সপোনতে লয় পালে।

 মুঠতে ৰাজনৈতিক আন্দোলনৰ সফলতাৰ আশাৰে যিহকে কৰক দেশত সুশিক্ষাৰ প্ৰচাৰ কৰিবলৈ দুখীয়া বুদ্ধিমান ছাত্ৰক শিক্ষাৰ পোহৰলৈ আনিবলৈ তেওঁৰ একান্ত ধাউতি আছিল আৰু সেই ধাউতি পৰাপক্ষত কাৰ্যত পৰিণত কৰিবলৈ প্ৰাণটাকি যত্ন কৰিছিল। এনে কাৰ্যত তেওঁ জাতি বা বৰ্ণৰ পাৰ্থক্য মনত ৰখা নাছিল।

 
অষ্টাদশ অধ্যায়
ৰাজনীতিত চন্দ্ৰনাথ
 

 যদিও স্বদেশী আন্দোলনৰ সময়ৰে পৰা চন্দ্ৰনাথৰ মূৰত ৰাজনৈতিক আন্দোলনৰ বায়ু অলপ অলপ সোমাইছিল, তথাপি আসাম এচোচিয়েশনৰ সভ্য নোহোৱালৈকে তেওঁ তাত বিশেষভাৱে যোগ দিয়া নাছিল। কিন্তু স্কুলত থকাৰে পৰা তেওঁ ভৱিষ্যতে