পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কৰ্মবীৰ চন্দ্ৰনাথ

শুদা ভৰিৰে লৰাৰ সমানে লৰিব পাৰিছিল। অসহযোগী হোৱাৰ পিছত একেবাৰেই শুদা ভৰিৰে ফুৰিছিল আৰু মূৰত এডোখৰ গেৰুৱা কাপোৰৰ পাগুৰি মাৰিছিল।

 যদিও খোৱা-লোৱাত চন্দ্ৰনাথৰ বিশেষ আড়ম্বৰ নাছিল, তথাপি আগ ডোখৰত কেইবাবাৰো চাহ খাইছিল, বিশেষকৈ একাণপতীয়া হৈ লিখিবলৈ বা পঢ়িবলৈ ধৰিলে তেওঁ‌ ঘনকৈ তামোল আৰু চাহ বিচাৰিছিল। ৰাগীয়াল বস্তুৰ ভিতৰত আনহে নালাগে ধপাত বা চিগাৰেটৰ গোন্ধকো তেওঁ সহিব নোৱাৰিছিল। শেহৰ দুবছৰত তেওঁ তেওঁৰ প্ৰিয় চাহপানীটোপা আৰু তামোলখিনিও এৰি দিছিল।

 পৰোপকাৰ চন্দ্ৰনাথৰ প্ৰধান ব্ৰত। দুখীয়া শিক্ষাৰ্থীক সাহায্য কৰিবলৈ, বিপন্নক উদ্ধাৰ কৰিবলৈ তেওঁ সততে প্ৰাণপণে যত্ন কৰিছিল। নিজে পৰৰ আশ্ৰয়ত থাকিব লগা হওঁতেও তেওঁ বিদ্যোৎসাহী দৰিদ্ৰ ছাত্ৰক যথাসাধ্য সাহায্য কৰিবলৈ পিছ নুহুঁ‌হকিছিল।

 চন্দ্ৰনাথৰ এটা অদ্ভুত স্বভাৱ আছিল— তেওঁ যেতিয়া যি কামত ধৰে, তাত এনেকৈ মূৰ পুতি লাগে যে তেতিয়া আন সকলো কৰ্তব্য পাহৰি যায়। ছাত্ৰ অৱস্থাতো তেওঁ কেতিয়াবা বহুত দিন বাহিৰা কামত লাগি পঢ়া-শুনালৈ পিঠি দিছিল, তাৰ পিছত কেতিয়াবা আকৌ সকলো এৰি পঢ়া-শুনাত এনেকৈ লাগিছিল যে বাকী থকা গোটেইখিনি শিকা নহয় মানে শোৱা-খোৱালৈকো পাহৰি গৈছিল। এই অনিয়মীয়া পৰিশ্ৰম তেওঁৰ মৃত্যুকাল পৰ্যন্ত আছিল।

 চন্দ্ৰনাথৰ স্বাস্থ্য সৰুৰে পৰা সিমান ভাল নাছিল। জ্বৰ-নৰিয়া আৰু মাজে-সময়ে বুকৰ বিষ তেওঁৰ গাত লাগিয়েই আছিল, তাতে তেওঁৰ অনিয়মীয়া স্বভাৱৰ কাৰণে সি মাজে মাজে বৰকৈ বল কৰিবলৈ ছল পাইছিল।

 বন্ধু-বান্ধৱব প্ৰতি চন্দ্ৰনাথৰ অকৃত্ৰিম ভালপোৱা আৰু সৰল বিশ্বাস আছিল। ৰাজহুৱা কামত চন্দ্ৰনাথৰ প্ৰীতি ঘৰুৱা কামতকৈ বহুত গুণে বেছি। শৰীৰৰ অসুস্থতা বা আন কাৰণত কেতিয়াবা ঘৰুৱা