পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কৰ্মবীৰ চন্দ্ৰনাথ

বেছি যন্ত্ৰণা পাইছিল, আনকি অকৰ্মণ্য হৈ জীয়াই থকাতকৈ মৃত্যুকে কামনা কৰিছিল।

 ১৯২২ চনৰ মাৰ্চ মাহত চন্দ্ৰনাথ আহি গুৱাহাটী পায়। গুৱাহাটী পোৱাৰ লগে লগে তেওঁৰ জ্বৰ বেছি হৈ উঠে। তেনে অৱস্থাত মটৰত শ্বিলঙলৈ যোৱা অসম্ভৱ দেখি এমাহমান গুৱাহাটীতে ৰ'ব লগাত পৰিল।

 সেইবাৰ ছাত্ৰ-সম্মিলন নগাঁৱত বহিবৰ কথা আছিল। কিন্তু অসহযোগ আন্দোলনৰ ঢৌত ছাত্ৰ-সম্মিলন পতাৰ সঙ্কল্প নগাঁও ছাত্ৰৰ মনৰ পৰা কেনিবা উফৰি গল। যথানিয়মে ছাত্ৰ-সম্মিলন নবহাত আৰু তাৰ কাৰ্য বন্ধ থকাত ছাত্ৰ-সম্মিলন মৰিল বুলি বহুতৰ ধাৰণা জন্মিল। সেই কাৰণে তাৰ সজীৱতা ঘোষণা কৰিবলৈ সম্পাদকসকলে ১৯২২ চনৰ ১৬ এপ্ৰিলত কটন কলেজৰ দৰ্শনৰ অধ্যাপক শ্ৰীযুত ৰোলাণ্ড টমাছৰ সভাপতিত্বত গুৱাহাটীৰ সনাতন ধৰ্ম মন্দিৰত তাৰ বাৰ্ষিক অধিৱেশন পাতিলে। এনেকৈ সভা আহ্বান কৰোঁতে কোনো কোনো বিষয়ত নিয়মৰ ব্যতিক্ৰম ঘটিছিল, সেই কাৰণে কোনো কোনো কেন্দ্ৰৰ ছাত্ৰই ঘাইকৈ কলিকতা প্ৰবাসী ছাত্ৰসকলে সম্মিলনৰ কাৰ্যত আসোঁৱাহ ধৰিছিল। ছাত্ৰসকলৰ কাৰ্যত এনে মনোমালিন্য ঘটা দেখি তাৰ প্ৰতিষ্ঠাতা আৰু প্ৰাণস্বৰূপ চন্দ্ৰনাথে বৰ বেজাৰ পালে। তেতিয়া তেওঁ উত্থান শক্তি ৰহিত, তথাপি তেওঁ কেনেকৈ দুয়ো দলকে মিলাই দিব তাৰ বাবে চিন্তা কৰিবলৈ ধৰিলে। দুয়ো পক্ষৰ জনচেৰেক প্ৰতিনিধি তেওঁৰ শয্যাৰ ওচৰলৈ মতাই আনি সেই মৃতকল্প অৱস্থাতে ক্ষীণ কণ্ঠেৰে বহুতো বুজনি দিলে। যদিও তেওঁৰ উপদেশ সম্পূৰ্ণ কাৰ্যকৰী নহ’ল তথাপি অসহযোগী হোৱাৰ পিছতো ছাত্ৰ-সম্মিলনলৈ তেওঁৰ কেনে স্নেহ আছিল, তাক এই ঘটনাৰ পৰাই ভালকৈ বুজিব পাৰি।

  ছাত্ৰ-সম্মিলনৰ পাছত তেওঁৰ ৰোগৰ অৱস্থা আৰু চিকিৎসাৰ বিষয়ে বুজ লবলৈ যোৱা দুজন বন্ধুৰ আগত চন্দ্ৰনাথে এনেকৈ কৈছিল- “চিকিৎসা যিমান প্ৰকাৰৰ হ'ব পাৰে তাৰ এটাও বাদ যোৱা নাই,