পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কৰ্মবীৰ চন্দ্ৰনাথ

 ৩। “বোম্বে আৰু কলিকতাৰ বিশেষ কংগ্ৰেছৰ, ১৯১৭, ১৯১৮ আৰু ১৯১৯ চনৰ কংগ্ৰেছৰ বক্তৃতাৰ অসমীয়া ভাঙনি। পুৰস্কাৰ ৫০ টকা।”

 ৪। “মণিৰাম দেৱানৰ চমু জীৱন-চৰিত। পুৰস্কাৰ ৫০ টকা।”

 হাতে লিখা কিতাপ অহা ১৯২১ চনৰ মাৰ্চ মাহৰ ১লা সপ্তাহতে মই পোৱাকৈ পঠাব লাগিব।

 পৰীক্ষকঃ— শ্ৰীযুত নবীনচন্দ্ৰ বৰদলৈ।

  সৰ্বেশ্বৰ বৰুৱা।

  চন্দ্ৰনাথ শৰ্মা।

 শ্ৰীচন্দ্ৰনাথ শৰ্মা।

 ১।১০।২০

 

 এই জাননীত চন্দ্ৰনাথৰ মহত্ব ফুটি ওলাইছে, কিন্তু তেওঁৰ ইচ্ছা পূৰ নহ’ল। জাননী মতে তেওঁ কাৰো পৰা কিতাপ নাপালে, টকা- কেইটাৰ আন ব্যৱহাৰ কৰিবলৈকো তেওঁৰ সময় নহ’ল।

 

দ্বাদশ অধ্যায়

উকীল চন্দ্ৰনাথ— তৃতীয় বছৰ
 

 [ মাতৃ-বিয়োগ— বাসস্থান পৰিবৰ্তন,— ৰাজনৈতিক প্ৰচাৰ কাৰ্য, কলিকতাত বিশেষ কংগ্ৰেছ,— তেজপুৰত আসাম কন্‌ফাৰেন্স সাহিত্য সম্মিলন সূত সম্মিলন।]

 বৰপেটা কন্‌ফাৰেন্সত আসাম এচোচিয়েশ্যনৰ পূৰ্বৰ কৰ্মচাৰী সকলেই পুনৰ নিযুক্ত হ’ল। চন্দ্ৰনাথে আকৌ আগৰ দৰেই দেশৰ কাম কৰিবলৈ ধৰিলে।