পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্মবীৰ চন্দ্ৰনাথ

শিক্ষক), তৃতীয় শিক্ষক ভূগোলসাৰ ৰচয়িতা ৺নৰেশ্বৰ শৰ্মা, চতুৰ্থ শিক্ষক ৺গঙ্গানাথ গোস্বামী (চন্দ্ৰনাথৰ পেহীয়েকৰ পুতেক) আৰু পঞ্চম শিক্ষক শ্ৰীযুত লম্বোদৰ বৰুৱা। এওঁলোকৰ ভিতৰত প্ৰধান শিক্ষকৰ ব্যক্তিগত আদৰ্শ, দ্বিতীয় শিক্ষকৰ গণিতশিক্ষা আৰু তৃতীয় শিক্ষকৰ সাহিত্য, ভূগোল আৰু বুৰঞ্জীৰ অনুৰাগে ছাত্ৰসকলৰ জীৱনত বিশেষ কাৰ্য কৰিছিল। এনে আদৰ্শ শিক্ষকৰ তলত পঢ়িবলৈ পোৱাটো চন্দ্ৰনাথৰ সৌভাগ্য।

 ছাত্ৰবৃত্তি স্কুলত তিনি বছৰ পঢ়ি চন্দ্ৰনাথ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু চাৰি বছৰৰ কাৰণে চাৰি টকীয়া বৃত্তি লাভ কৰি ১৯০৪ চনৰ এপ্ৰিল মাহত তেজপুৰ হাইস্কুলত ভৰ্তি হল।

 
চতুৰ্থ অধ্যায়
ইংৰাজী স্কুলত
 

 ইংৰাজী স্কুলতো চন্দ্ৰনাথে আগৰ উৎসাহেৰেই পঢ়িবলৈ ধৰিলে। শ্ৰেণীত তেওঁ সদায় প্ৰথম আছিল আৰু প্ৰত্যেক বছৰতে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। বহুতো ছাত্ৰই শ্ৰেণীত ভাল ল’ৰা বুলি নাম কৰে, কিন্তু তেওঁলোকে স্কুলৰ পাঠৰ বাহিৰে জগতত আৰু কিবা শিকিবলগীয়া-জানিবলগীয়া আছেনে নাই, তাৰ ভু নাৰাখে। কিন্তু চন্দ্ৰনাথ তেনে বিধৰ ভাল ল’ৰা নাছিল। তেওঁ স্কুলৰ পাঠ ভালকৈ শিকিও নানা প্ৰকাৰ বাহিৰা গ্ৰন্থ অধ্যয়ন কৰি বিদ্যাৰ জোখ বঢ়াইছিল। অসমীয়া সাহিত্যৰ প্ৰতি তেওঁৰ এনে ধাউতি আছিল যে তেওঁ নাম জনা কোনো ছপা কিতাপকে নপঢ়াকৈ নেৰিছিল— লাগে সি আদিপাঠেই হওক নাইবা ধাৰা- পাতেই হওক।