এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কৰ্ণ পৰ্ব।
সেহি সময়ত বালক ব্যাধৰ
মাৰিলা এ গোটা বন॥ ১৮৩॥
ঘোৰ শৰ পৰি সান্ধিল মৰিল
পূণ্য ভৈলা উপাৰ্জ্জন॥
দিব্য বিমানত আৰোহী ব্যধয়ে
গৈলেক স্বৰ্গ ভুবন॥ ১৮৪॥
⸻
ছবি।
শ্ৰীধৰ্ম্ম নাৰায়ণ জয় যুত হোয়ন্তোক
পিতা পুতে হোক চিৰজীৱ।
পৰম উদাৰ জানি মোৰ আশীৰ্ব্বাদ বাণী
সদা বৰ দেন্ত সদাশিৱ॥ ১৮৫॥
আপোনাৰ তেজ বলে যৱনক উচ্ছেদিলে
স্বদেশে যে ধৰ্ম্মক ৰাখিলা।
ধৰ্ম্মৱন্ত জানি সবে, স্বৰ্গ মহা ৰাজ বলে
ধৰ্ম্ম নাৰায়ণ নাম থৈলা॥ ১৮৬॥
যাৰ ৰূপ দেখি মনে প্ৰশংসে বিদেশীগণে
সকলো প্ৰাণীৰ ৰঞ্জে চিত্ত।
মহাবলী সুকুমাৰ ৰূপ গুণ দেখি যাৰ
ধন্য ধন্য নৃপ সুবলিত॥ ১৮৭॥