পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
কৰ্ণবধ।


ইন্দ্ৰ আদি কৰিয়া যতেক দেৱগণে।
যুদ্ধ চাহিবাক মনে চৰি নিজ যানে ১ ॥
মৰুত আসিলা দুয়ো অশ্বিনী কুমাৰ।
দেৱগণ আসিলেক, যুদ্ধ দেখিবাৰ॥ ৪২৮
যুদ্ধ চাহিবাক মনে ৰৈলা আকাশত।
ইন্দ্ৰক আবৰি বহিলেক দেৱ যত॥
আনো স্বৰ্গ বাসি আসিলেক যত যত।
সপ্ত সমুদ্ৰ গঙ্গা আদি তীৰ্থ যত॥ ৪২৯
মুৰ্ত্তি ধৰি সমস্তে ৰহিলা আকাশত।
হিমৱন্ত আদি কৰি যতেকে পৰ্ব্বত॥
আসিলেক মহাদেৱ চড়ি হৃষভত।
যুদ্ধ চাহিবাক প্ৰতি উৎসাহ মনত॥ ৪৩০
ইসৰক মোক্ষ কৰি যত দেব গণ।
জয় জয় শব্দ কৰে সিদ্ধ মুনিগণ॥
অৰ্জ্জুনৰ জয় হবে ঘোষে সৰ্ব্বজন।
যক্ষ, ৰাক্ষস, আদি পিশাচ গুহ্যগণ ২॥ 8৩১
ফণীধৰ, ভূত, প্ৰেত, পিশাচ কিন্নৰ।
আনো যত আছিলেক স্বৰ্গ পৃথিবীৰ॥
যতেক অধৰ্ম্ম মানে হুয়া এক ঠাই।
সূৰ্য্য়ৰ লগত সবে বহিলেক যাই॥ ৪৩২
সূৰ্য্য সমন্বিতে সাধে কৰ্ণৰ জয়ক।
বোলে আজি জিনিবেক কৰ্ণে অৰ্জ্জুনক॥


১।ৰথ ২॥ পিশাচৰ নাচ