পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
কৰ্ণপৰ্ব্ব।


ৰাজাৰ কুশল বাৰ্ত্তা কহিলা অৰ্জ্জুনে।
তাক শুনি আনন্দিত ভৈল সৰ্ব্বজনে॥ ৪২২
তাত পাছে ধনঞ্জয়ে মাতিলা কৃষ্ণক।
কিছু মান ৰথ খান বঢ়াও আগক ॥
মৃতক প্ৰাণিৰ শৱ নথাকয় যৈত।
ৰথ খান নিয়া মোৰ ৰাখিয়োক তৈত॥ ৪২৩
ৰণ স্থলিত ঘোৰা ৰাখিবা আমাৰ।
ৰন খান ফুৰে যেন মণ্ডল আকাৰ॥
অৰ্জ্জুনৰ বচন শুনিয়া দামোদৰ।
ৰথ খান সম্মুখে ৰাখিলা কৌৰবৰ॥ ৪২৪
অনন্তৰে শৈল ৰাজা টানি বাঘজৰি।
উত্তৰ চৰাইয়া পশ্চিমৰ মুখ কবি॥
ডাকিলেক ৰথ খান শৈল নৰেশ্বৰ!
সন্মুখত ৰথ ৰাখিলেক অৰ্জ্জুনৰ ॥ ৪২৫
দেখা দেখি কৰিয়া বহিলা দুয়োবীৰ।
দুখান সমুদ্ৰ যেন পৰম গভীৰ॥
একত্ৰে ৰহিলা যেন দুই গিৰিবৰ।
আকাশে শোভয় যেন দুই শশধৰ॥ ৪২৬
সিংহ শাৰ্দ্দুল যেন ভৈলেক এক ঠাই।
সেহি মতে দুইকো দুয়ো আছিলেক চাই॥
দুই ৰথ যুদ্ধক দেখিবাক ৰঙ্গ মনে।
কুৰু পাণ্ডৱৰ বীৰ ৰৈলা স্থানে স্থানে॥ ৪২৭