এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।
কিন্তু এক খানি মোৰ দুঃখ ৰৈল মনে।
কৰ্ণক বধিবে নপাইলোহো ঘোৰ ৰণে॥ ৩৩৬
অনেক মিনতি কৰিলেক ধনঞ্জয়।
তথাপিতো নৃপতিৰ মন নিফিৰয়॥
গুৰু গোবিন্দৰ পদ ৰেণু ধৰি মনে।
বোলা ৰাম, ৰাম ভনে বিদ্যা পঞ্চাননে॥ ৩৩৭
⸻
লেচাৰী।
যুধিষ্ঠিৰে বনলৈ যাব খোজে আৰু দ্ৰৌপদীৰ বিনয়।
বচন শুনিয়া অৰ্জ্জুনৰ, যদি নুলতিলা নৰেশ্বৰ,
অল্প অল্প কৰি দ্ৰৌপদী বুলিবে লৈলা।
তোমাৰ বচন ধৰি শীৰে, কৃষ্ণ ধনঞ্জয় দুয়ো বীৰে,
শংসপ্ত দলক বধিবাক চলি গৈলা॥
কৰ্ণ সমন্বিতে কৰি ৰণ, তাহাৰ প্ৰহাৰে অচেতন,
হৈবাৰ দেখিয়া আনিলেক পলুয়াই।
সেই কথা সব ভীমসেনে, কহিলন্ত শুনি দুখমনে,
দেখিতে আহিল আত কিছু দোখ নাই॥ ৩৩৮
যি বোল বুলিলা অৰ্জ্জুনক, নবধিয়া কেনে ৰাধেয়ক,
মোক দেখিবাক কেনে আইলি ধনঞ্জয়।
সিতো কৰ্ণ মহা ধনুৰ্দ্ধৰ, ৰণে যাৰ নাই পটন্তৰ,
কদাচিতো ৰণে যাৰ নাই পৰাজয়॥
-