পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কৰ্ণবধ।


সহদেবে দধি, দুগ্ধ, মোগায়ে মৎসক।
মই কন্যা নছুয়াও হুয়া নপুংসক॥
চন্দন পিসন্তে ক্ষয় দ্ৰৌপদীৰ কৰ।
কিচকে মাৰিলা লাঠি সভাৰ ভিতৰ॥ ৩২০
তোহাৰ গুণৰ কথা কহিবো কতেক।
যত যত দুঃখ তই দিয়াছ আমাক॥
হেন সব দুঃখ তই দেখিয়া আমাৰ।
কেনে প্ৰাণ ধৰা ধিক জীৱন তোমাৰ॥ ৩২১
অনেক কৰিলা নিন্দা বাীৰ চুৰামণি।
ভৈলা মহা মন্যু অৰ্জ্জুনৰ বাক্য শুণি॥
কৰ্ণে যত শৰ প্ৰহাৰিলা নৃপতিক।
অৰ্জ্জুনৰ বাক্যে ভৈলা তাহাতো অধিক॥ ৩২২
ঘনে ঘনে নিশ্বাস তেজন্ত যুধিষ্ঠীৰ।
উঠিলা খাটৰ লাখুটিত দিয়া ভিৰ॥
সজ্জল নয়নে ৰাজা বনক চলিলা।
দেখি কৃষ্ণেৰ লৱড়িয়া সাবটি ধৰিলা॥ ৩২৩
অৰ্জ্জুন কৃষ্ণৰ বৰ ৰিষাদ মনত।
মহাবেগে যাই পৰিলেক চৰণত॥
মাধবে বোলন্ত শুনিয়োক মহাভাগ।
আজিসে জানিলো বৰ মনত বৈৰাগ্য॥ ৩২৪
অৰ্জ্জুনক লাগি কেনে এত বৰ খঙ্গ।
হেন কথা শুনিয়া কৌৰবে পাইব ৰঙ্গ॥