পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কৰ্ণপৰ্ব্ব।


বাৰ্ত্তা লৈয়া বৃকোদৰ আসিয়ো সকালে।
নজানোহো ৰজা কিবা আছয় কুশলে॥ ২৭০
অৰ্জ্জুনক পাছে বুলিলেক বৃকোদৰ।
দেখিয়োক যুদ্ধ মিলি অছে ভয়ঙ্কৰ॥
কদাচিতো মই নজাইবো এৰি ৰণ।
তুমি যাই দেখি আসা জীৱন মৰণ॥ ২৭১
কৃষ্ণ ধনঞ্জয় দুয়ো প্ৰশংসি ভীমক।
চলি গৈলা দুয়ো জন লাগি শিবিৰক।
মহা দুখে খাটে ৰাজা পৰিয়া আছন্ত।
নৃপতিক অগ্নি জ্বালি দ্ৰৌপদী সেকন্ত॥ ২৭২
মহৌষধি দিবাক লাগিছে বৈদ্যচয়।
সেহি সময়ত গৈলা কৃষ্ণ ধনঞ্জয়॥
নৃপতি আছন্ত জীৱা দেখি ৰঙ্গ ভৈলা।
হাস্য কৰি দুয়ো যাই সমিপত ৰৈলা। ২৭৩
সাহাস্য বদন দেখি কৃষ্ণ অৰ্জ্জুনৰ।
মনে মহাৰঙ্গ কৰিলন্ত নৰেশ্বৰ॥
বোলন্ত কৰ্ণক বধি আসিলা অৰ্জ্জুনে।
মহা হৰষিত মন দেখি সিকাৰণে ॥ ২৭৪
পুছিবে লাগিলা যুধিষ্ঠীৰে অৰ্জ্জুনত।
কোন শৰে কৰ্ণ বাপু পৰিল ৰণত॥
কেন মতে তাৰ লগে কৰিলা সমৰ।
কেনেবা প্ৰকাৰে তাৰ ছেদিলাহা শিৰ॥ ২৭৫