এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।
অল্প বয়স, শুন মন্দ মতি,
কেনে আইলি মৰিবাক॥
ফিৰি যাস তই, বাপেৰ শিবিৰে,
মাৱত কৰি বিদাই।
মোৰ হতে তোৰ, প্ৰাণ যাইবে চাৰি,
খানিতেক থাক চাই॥ ১৭৭
দুষ্ট দুৰ্য্য়োধনে, তোৰ মৃত্যু দেখি,
পাইবে আজি বৰ শোক।
বিচাৰিলো যাক, হাতে পাইলো তাক,
বিধি আনি দিলে মোক॥
আৰু যত তোৰ, সোদৰ বধিলো,
তাঙ্ক মোৰ মনে নাই।
অৱশেষ যত, দশ পাঞ্চ আছা,
সবে হৈবি এক ঠাই॥ ১৭৮
একেশ্বৰে কেনে আইলি মন্দমতি,
ভাতৃ সমস্তক চাৰি।
তোক মাৰি মই, তাসম্বাককিক,
ফুৰিবো দুষ্ট বিচাৰি ॥
একজন মাৰি, কোন যশ পাইবো,
লোকে মোক হাসিবেক।
সেহি শোকে আৰ, অন্ধক গান্ধাৰী
মনে পাব মহা শোক॥ ১৭৯