পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কৰ্ণপৰ্ব্ব।


শৰ চোটে নুহি আজি গদা ধৰি তোক।
আজিয়ে দেখিবি মোৰ হাতে যমলোক॥ ১৫১
ভীমৰ বচন কৰ্ণে নধৰি মনত।
হানিলেক পাঞ্চবাণ কোপে হৃদয়ত॥
কৰ্ণৰ প্ৰহাৰ বৰ অতি বিপৰীত।
কৱচ ভেদিয়া পশিলেক শৰীৰত॥১৫২
চোট পাই কোপিলন্ত পাণ্ডুৰ নন্দন।
ঘৃত পাই যেন জ্বলিলেক হুতাশন॥
দশ শৰ হানিলেক পৰম সন্ধানে।
পথতে কাটিলা কৰ্ণে দশ গোটা বাণে॥ ১৫৩
শৰ হত দেখি কোপিলন্ত বৃকোদৰ।
ধনুত যুৰিলা আনি অগ্নি সম শৰ॥
আকৰ্ণ সমান কৰি টানি ধনু খান।
কৰ্ণৰ হৃদয়ে হানিলেক ঘোৰ বাণ॥ ১৫৪
পুংস পত্ৰ অৱশেষ ৰহিলা শৰৰ।
আজুৰি পেলাইলা কৰ্ণে মহা ধনুৰ্দ্ধৰ॥
থাক থাক বৃকোদৰ অধৰ্ম্ম আচাৰ।
বীৰত্ব দেখাইলি মোক কৰিয়া প্ৰহাৰ॥ ১৫৫
তোক আজি মাৰন্তে ৰাখিবে কোন জনে।
পাঞ্চ শিলামুখ হানিলেক কোপ মনে॥
দুয়ো স্তন মাজে যাই পশিল ভীমৰ।
ঈশদণ্ড ধৰিয়া ৰহিলা বৃকোদৰ॥ ১৫৬