পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কৰ্ণবধ


কুৰু পাণ্ডৱৰ ব্যেহু পৰম দুৰ্জ্জয়।
যুগল আদিত্য যেন একত্ৰে শোভয়॥ ১২৯
যেন দুয়ো খান মেষ শোভে আকাশত।
হিম গিৰী মধ্যে যেন নৈষেধ পৰ্ব্বত॥
সেহি মতে দুয়ো খান ব্যেহু ভয়ঙ্কৰ।
দণ্ড ছত্ৰ পতাকা শোভয় নিৰন্তৰ॥ ১৩০
দুয়ো দলে নানা বাদ্য বজায়ে অপাৰ।
শঙ্খ কৰতাল খোল দুন্দুভি দগৰ॥
বীৰঢাক-কাহালি গোমুখক বিলাস।
ডম্বৰু বিপঞ্চি সপ্তম্ববা আৰু কাংস॥ ১৩১
এসম্বাক আদি কৰি ছত্ৰিশ বাজন।
তাৰধ্বনি দশো দিশে পুৰিল গগণ॥
ওচৰত থাকি সেনাপণে ৰঙ্গ চাৱে।
তাসম্বাৰ শিৰ সব কাটিয়া পেলাৱে॥ ১৩২
ওচৰত থাকিয়া নুশুনি মাত বোল।
ধৰ মাৰ বুলি প্ৰজা কৰয় আন্দোল॥
ধনুকী ধনুকী ধৰি মাৰে ধনু ছাতি।
খাণ্ডা বাৰু ধৰি কতো কৰে কটাকাটি॥১৩৩
পৱন সঞ্চাৰে ঘোৰা কতো খেদি যাই।
কাকো কেঁৱে নচাৱে যুজায় সেহি ঠাই॥
ধনু ধৰি অন্যো অন্যে ফুৰে ছিদ্ৰ চাই।
খাণ্ডা বাৰু ধৰি বিপক্ষক খেদি যাই॥১৩৪