পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কৰ্ণবধ


তান লগে দিলা কৈকেয়ৰ সেনা যত।
সহস্ৰেক হস্তী আৰু মহা ময়মত্ত॥১১৮
বাম শৃঙ্গ গোটা আপোনাক লাগি থৈলা।
মদ্ৰক দেশৰ সেনা লগে লৈলা॥
মহাবলৱন্ত আৰু হস্তী অযুতেক।
যত্নে সেনা গণ স্থানে স্থানে ৰাখিলেক॥ ১১৯
দুয়ো শৃঙ্গ মধ্যে ৰাখিলেক শিখণ্ডীক।
তাৰ লগে দিলা ৰথ সহস্ৰতোধিক॥
অযুতেক ৰথ নকুলৰ লগে দিলা।
শিখণ্ডীৰ পচ্ছাত যে নিয়োজি ৰাখিলা॥ ১২০
লগে দিলা ময়মত্ত হস্তী অযুতেক।
সহদেৱ বীৰক পাছত ৰাখিলেক॥
তাত পাছে ৰথ বৃন্দ ৰাখি মহাবীৰ।
গৈলেক যথাত আছে ৰাজা যুধিষ্ঠীৰ॥ ১২১
নৃপতিক ৰাখিলেক ব্যেহুৰ শেষত।
অসংখ্যাত হাতী ঘোৰা দিলেক লগত॥
ৰথ যুথ মধ্যে বহিলেক নৰেশ্বৰ।
প্ৰকাশ কৰন্ত যেন দেৱ পুৰন্দৰ। ১২২
পাছে ধৃষ্টদ্যুম্ন যাই ব্যেহুৰ মুখত।
অনেক সাদৰী বীৰে কহিলা ভীমত॥
বিশোক সাৰথি সমে দিব্য ৰথে চৰি।
শঙ্কট দ্বাৰত থাকিবাহা যত্ন কৰি॥ ১২৩