পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কৰ্ণপৰ্ব্ব।


এহি বুলি দ্ৰৌপদী কৰিলা আশীৰ্ব্বাদ।
নপাইবেক শোকে মোক একোয়ে প্ৰমাদ॥
হেন সুমঙ্গলে গৈলা বাহিৰ দ্বাৰক।
বীৰগণে দেখিলেক কৃষ্ণ অৰ্জ্জুনক॥ ১০১
বীৰ লক্ষী গোটে আতিশয় প্ৰকাশয়।
সবে বোলে আজি অৰ্ৰজ্জুনৰ হৈক জয়॥
অনন্তৰে ভকত বৎসল দেৱ হৰি।
ৰথে চৰি ঘোৰাৰ ধৰিলা বাঘ জৰি॥ ১০২
হৰিবাক লাগি পৃথিবীৰ মহাভাৰ।
সিকাৰণে যদুকুলে ভৈলা অৱতাৰ॥
অৰ্জ্জুনৰ হাতে কতো ভীমৰ হাতত।
আপুনিয়ো অনেক বধিলা সংগ্ৰামত॥ ১০৩
উপায়ে মৰাইলা আপোনাৰ ভাগিনক।
সদুপায়ে ক্ষয় হৰি কৰিলা দুষ্টক॥
যদি আতি নিন্দিত সাৰথী কৰ্ম্ম হয়।
তথাপি ভক্তৰ অৰ্থে কৰা কৃপাময়॥ ১০৪
সন্তক ৰাখিয়া দুষ্টক সংহাৰন্ত।
এহি হেতু ভৈলা অৱতাৰ ভগবন্ত॥
অৰ্জ্জুনৰ সাৰথী আপুনি ভৈলা হৰি।
সি কাৰণে যদুকুলে আছে অৱতৰি॥ ১০৫
গুৰু গোপালৰ পাদ পদ্ম ধৰি মনে।
বোলা ৰাম ৰাম ভণে বিদ্য পঞ্চাননে॥