পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কৰ্ণবধ।


দৃঢ়মুঠি লঘুহন্ত বিদুৰ *ভেদনে।
পৰশুৰামত শৰ শিখি আছে কৰ্ণে॥
যদি শৰ পায়া সখি দেৱতাৰো ভয়।
যেন কাল মহাঘোৰ বেহুক নিৰ্ম্মায়॥ ৪৮
কৰিবেক ৰণ কালি প্ৰাণ উচৰ্গিয়া।
হেন জানি সখি তুমি সাবধান হোৱা॥
মহা ৰথী শৈল্য ৰজা সাৰথি সুজান।
কৰ্ণৰ ৰথৰ গতি বায়ুৰ সমান॥ ৪৯
পৰ্ব্বতক ভেদিবাক পাৰে যাৰ বাণে।
মহাধনুৰ্দ্ধৰ যাত পৰে নাহি আনে॥
শৰচয় পৰে যেন বজ্ৰৰ সমানে।
হেনয় কৰ্ণক তুমি কি কৰিবা ৰণে॥ ৫০
পৰম গম্ভীৰ গতি যেন সাগৰৰ।
প্ৰচণ্ড প্ৰতাপ গতি যেন আদিত্যৰ॥
বায়ুৰ যে, নবগতি সূৰ্য্য মণ্ডলৰ।
তদ্ৰুপ ৰথৰ গতি জানে মদ্ৰেশ্বৰ॥ ৫১
ৰথচক্ৰ গতি পৃথিবীত নসহয়।
বেগত হেনয় দেখি আকাশে উৰয়॥
আপুনিয়ো মহা ৰথী মহাধনুৰ্দ্ধৰ।
হেন শৈল্য সাৰথি হৈলেক ৰাধেয়ৰ॥ ৫২


২ *বিজুলি নিচিনা খৰ কৈ বা দু’ৰৈতে।