পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
কৰ্ণপৰ্ব্ব।

মাধৱ বদতি সখি হোৱা সাবধান।
কৰ্ণৰ তোমাৰ যুদ্ধ মিলিল প্ৰধান॥ ৫৭৫
আক শুনি ধনঞ্জয় কৰিলা টঙ্কাৰ।
শবদে লাঙ্ঘিল গৈয়া স্বৰ্গৰ দুৱাৰ॥
বজ্ৰসম অৰ্দ্ধচন্দ্ৰ দিলা পঞ্চ বাণ।
কৰ্ণৰ ধনুক কাটি কৰে খান খান॥ ৫৭৬
আৰ ধনু নিয়া কৰ্ণ গুণত যুড়িল।
ঝাঙ্কদিয়া ধনুখান আলাগে ধৰিল॥
দশ সহস্ৰেক দিলা সূৰ্য্যৰ কুমাৰে।
বাটতে কাটিলা তাক অৰ্জ্জুনৰ শৰে॥ ৫৭৭
পঞ্চদশ সহস্ৰেক দিলা ধনঞ্জয়।
মুচ্ছিত ভৈলেক কৰ্ণ দেখে তমোময়॥
কৰ্ণক মুৰ্চ্ছিত দেখি কহে নাৰায়ণ।
জয় পৰাজয় জানা যুদ্ধসে প্ৰধান॥ ৫৭৮
মুৰ্চ্ছাভঙ্গ হৈয়া কৰ্ণ হাতে ধনু ধৰি।
অৰ্জ্জুনক দেখায়া বুলিল কোপকৰি॥
মোক মুৰ্চ্ছা কৰি তই বৰ যশ পাইলি।
মৰিবাৰ কালে যেন বুদ্ধি হৰুয়াইলি॥ ৫৭৯
আজি কোনে ৰক্ষাকৰে দেখিবোহো তোক।
তোৰ সখি গোবিন্দেওঁ পাব মহাশোক॥
এহিবুলি কৰ্ণে মাৰিলন্ত তিনি শৰ।
গোবিন্দৰ বুকে গৈয়া পৰিল সত্বৰ॥ ৫৮০