পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
কৰ্ণবধ।

পদ।

অৰ্জ্জুনৰ হাতত কৰ্ণপুত্ৰ বৃষসেন বধ।

সঞ্জয় বদতি ৰাজা শুনা একমনে।
মানুহয়ে দুৰ্য্য়োধনে ভাতৃৰ মৰণে॥
হাতে ধনু লৈয়া সমৰক লাগি গৈলা।
পশু ধৰিবাক যেন সিংহগোট ধাইলা॥ ৫৩৯
ৰক্তপান কৰি পাছে বীৰ বৃকোদৰ।
দুঃশাসন তেজেৰে লিপিলা কলেৱৰ॥
গদা লৈয়া ভীমসেন ৰঙ্গমনে যায়।
ভীম আসিবাৰ দেখি কৰ্ণ বীৰ ধায়॥ ৫৪০
হইল দুৰ্ঘোৰ যুদ্ধ কুৰু পাণ্ডবৰ।
উভয় দলৰ সেনা মৰিল বিস্তৰ॥
কৰ্ণ পুত্ৰ নকুলে হইল মহামাৰ।
নকুল ৰথক কাটি পেলাইলা সত্বৰ॥ ৫৪১
তাক দেখি বৃকোদৰ আগবাঢ়ি গৈল।
বৃষসেন সনে ভীম বহু যুদ্ধ কৈল॥
অল্পকে নকৰে ভয় কৰ্ণৰ নন্দন।
আনন্দিত মনে কৰে অস্ত্ৰ বৰিষণ॥ ৫৪২
বৃষসেন মহাবীৰ কৰ্ণেৰ নন্দন!
মহাকোপে অৰ্জ্জুনক মাৰে সওবাণ॥