এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব
ছত্ৰিশ বাজনা যত, বাজে সবে নানামত,
তিনি লোক শবদে পুৰিলা।
নিশা কাল অৱশেষে, দিবাকৰ পূৰ্ব্ব দিশে,
উদয়গিৰিত দেখা দিলা॥ ৩৯
অনন্তৰে যুধিষ্ঠীৰ, শয্যা চাৰি মহাবীৰ,
বসিলন্ত বিমল আসনে।
প্ৰভাতৰ কৰ্ম্ম যত, কৰি ৰাজা সমাপত,
কৃষ্ণক চিন্তিলা এক মনে॥
সুবৰ্ণ কলস ভৰি, সেৱকে যতন কৰি,
আনি দিলা সুগন্ধিত জল।
বিমতে শাস্ত্ৰৰ নিতি, সেহিমতে মহামতি
স্নান কৰিলন্ত মহাবল॥ ৪০
সন্ধ্যা অসোন কৰি, গোবিন্দক মনে স্মৰি,
কৰিলন্ত সূৰ্য্য়ক যে ধ্যান।
ধৌত বস্ত্ৰ তিনিখান, কৰি ৰাজা পৰিধান,
প্ৰবেশিলা পূজাৰ ভবন॥
মাধৱক কৰি পূজা, অনন্তৰে ধৰ্ম্ম ৰজা,
পুৰাণ শুনিলা এক মনে।
হাতে ফল ফুল ধৰি, বিপ্ৰে বেদধ্বনি কৰি,
আশীৰ্ব্বাদ দিলা জনে জনে॥ ৪১
পাছে ৰাজা যুধিষ্ঠীৰে, সমস্তকে একেবাৰে,
কৰযোৰে প্ৰণাম কৰিলা।