এতিয়া মাঘৰ মাহ, জাৰো টান। ডেকা কাকতীয়ে, ৰাতি
পুৱা চৰা ঘৰত জুইৰ ওচৰত ধঁপাত হুপি বহি আছে। ধনীৰাম
সাতোলাও ওচৰত আছে। সি এডোখৰ খৰিত বহি জুই
পুঁৱাইছে, আৰু কাকতীৰে সৈতে কিবা মেল পাতিছে।
এনেতে জুইৰ গোন্ধ পাই ময়ো সেই খিনিত ওলালোঁগৈ।
মোক দেখি কাকতীয়ে মাত লগালে, “কলৈ যা অ মনহৰি”।
মই কলো ‘বপা ইয়ালৈকে আহিছোঁ। কালি ৰাতি মোৰ
গৰুজনী নাহিল, এতিয়া পুৱা জানোচা ওলাইছে তাকে চাবলৈ
আহিছিলোঁ। পাচে ওচৰতে হুমহুমীয়া জুই দেখি সোমালোঁ।’
এই বুলি ছিলিমটো তুলি লৈ খোঁচাৰি ধঁপাত লগাবলৈ
ধৰিলোঁ।
সাতোলাই কলে, ‘শুনিছেনে বপাদেও! মনহৰি ধপাত লগোৱাত বৰ পাকৈত, আহিয়েই পোনে ছিলিমটোহে লৈছে। এইবাৰ ফাকুৱাত ইয়াক ধঁপাত লগোৱা বাব দিব। কাকতীয়ে মূৰ দুপিয়াই ওঁ বুলি শলাগিলে, আৰু জুইত দোডোখৰ মান খৰি দি, মাত লগাই কলে, এৰা ই ধঁপাত লগালে বৰ জুতি হয়। সেই দেখি আহিলেই মই ধঁপাত লগাবলৈ পাচোঁ। আজি মই নোকোৱাকৈয়েই ধৰিছে। এই কথা কৈ সাতোলাক সুধিলে, ‘পাচে, তোমাৰ কথাটো মাজতে এৰিলা, পাচে সিহঁতে মোৰ কথা কি কলে?' সাতোলাই কাহ এটা মাৰি এতোলামান পকা খেকাৰ উলিয়াই ছাইত পুতিলে, আৰু ঘেৰঘুেৰাই মাত লগালে, “সিহঁতে আপোনাৰ কিটো কব? কিবা বেয়া কব পাৰেনে? ফাকুৱানো কাৰ ঘৰত ডাঙ্গৰ হয়? বৰুৱাৰ ঘৰত