মোমাইৰ ঘৰলৈ গৈ তাত এমাহমান আছিলো। মোমাইৰ পদূ-
লিৰ আগতে এটি পঢ়াশালি আছে। এদিন দেখিলো, পঢ়াশালি
চাবলৈ এজন বাবু আহিছিল। তেওঁ পঢ়াশালিৰ ওজাজনক বৰকৈ
ডবিয়ালে, কিয় ডবিয়ালে মই তাৰ একো বুজ নাপালোঁ।
বাবুজন কিছুমান পৰৰ পাচত ঘোঁৰাত উঠি গুচি গল আৰু পঢ়া-
শালিও ছুটি হল। মই এটা ল'ৰাক লগ ধৰি ওজাদেৱক কিয়
ডবিয়ালে বুলি সুধিলোঁ। দি উত্তৰত কলে যে বাবুজন ইনিচ্ -
পেক্টৰ তেওঁবিলাকক ব্যাকৰ্ণৰ কথা সুধিছিল, ল'ৰাবিলাকে
একো কব নোৱাৰিলে। সেই দেখি লৰা বিলাকক ব্যাকৰ্ণ
ভালকৈ শিকোৱা নাই বুলি ডবিয়াইছিল।। ব্যাকৰণৰ নাম শুনি
মোৰ পুৰণি কথা মনত পৰিল, আৰু ল'ৰাটোক সুধিলোঁ “বপা,
ব্যাকৰ্ণ বস্তুটো কি?” সি কলে বোলে ব্যাকৰণ এখন পুথিৰ নাম
তাক পঢ়িলে ভাষাৰ তত্ত্ব পোৱা যায় কোনটো কথা কেনেকৈ কব
লাগে তাক জানিব পাৰি। আৰু ইয়াত বাজেও বহুত কথা
শিকিব পাৰি। সি আৰু কলে যে, পুথি খন হলে বৰ টান,
সকলোৱে তাক বুজিব নোৱাৰে। পাচদিনা দেখিলোঁ, ওজা
দেৱে হাতত এছাৰি লৈ পঢ়াশালিত পঢ়াবলৈ লাগিছে, আৰু
মাজে মাজে একোটা ল'ৰাক ধৰি আনি সেই এছাৰিৰে পাৰেমানে
মৰিয়াইছে, ল'ৰাই ডেডাউৰি পাৰি গোটেই খন পঢ়াশালিত
খলকনি লাগাইছে। মোৰ ব্যাকৰ্ণ পঢ়িব লগীয়া নহল, নাইবা
মোৰো কুমলীয়া পিঠিত এই দৰে এছাৰি জাৰিলে হেঁতেন। মোৰ
মনত এই দৰে ভয় লাগিছিল যদিও, ব্যাকৰ্ণৰ তত্ত্ব লবলৈ মোৰ
বৰ মন গৈছিল।
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৭ ]