বছৰত ছটা ঋতু। বহাগৰ পৰা চতলৈকে বছৰৰ বাৰ মাহক সমানে ছয় ভাগ কৰি, এক এক ভাগক একোটা ঋতু বোলে। বহাগ জেঠ গ্ৰীষ্ম, আহাৰ শাওন বৰ্ষা, ভাদ আহিন শৰৎ ইত্যাদি ক্ৰমে দুই দুই মাহে এক এক ঋতু। ক্ৰম অনুসাৰে গ্ৰীষ্ম ঋতু সকলোৰে প্ৰথম, তাৰ পাচত বৰ্ষা, তাৰ পাচত শৰৎ, তাৰ পাচত হেমন্ত, তাৰ পাচত শীত, আৰু সকলোৰে শেষত বসন্ত ঋতু পৰে। ঋতু বোৰৰ নাম যেনে ভিন ভিন, লক্ষণো তেনে ভিন ভিন। গ্ৰীষ্ম ঋতুত জহ আৰু বৰ্ষাত বৰষুণ হয়।। শৰৎ ঋতুত নদীৰ পানী গছৰ পাত শুকাই যায়! হেমন্তত হিম পৰে আৰু গছ, লতা, হাবি, বন সকলো বাঢ়িবলৈ এৰি মুজুৰা পৰি থাকে। শীতত সকলো চেঁচা পৰি ঠেৰেঙ্গা হয়। বসন্তত সকলো বস্তুৱেই ঠন ধৰে। গছে ন পাত মেলে আৰু ফুলে; এই ঋতুত প্ৰকৃতি ফল ফুলেৰে জাতিষ্কাৰ হৈ পৰে। কালৰ যেনে ঋতু আছে, শৰীৰৰো তেনে ঋতু আছে। কিন্তু শাৰীৰিক ঋতুৰ ক্ৰম বেলেগ। শৰীৰত সৰ্বপ্ৰথমে বৰ্ষা ঋতুৰ আগমন হয়। বৰ্ষাত যেনে বৰষুণৰ পানীয়ে সকলো ঠাই বোকা কৰি ঘিনলগা আৰু লেতেৰা কৰে, সেই দৰে কেচুৱা কালত মানুহেও দিনটোৰ ভিতৰত এক কম একুৰিবাৰ ক্ষুদ্ৰ শৌচ বৰ শৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেই দৰে কেচুৱাৰো চেৰেঙ্গা কাণ তাল লগা কান্দোন আছে। বৰ্ষাত নেৰা নেপেৰা কেন-
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে