জা, চা—মহাৰাণীয়ে চাগৈ আন বস্তু নাখায়েই, সদায় আঠা
গাখীৰ, মালভোগ কল, চেনি দুয়ো বেলা খায়। ইয়াৰ এই
কথা শুনি মোৰ মনে মনে হাঁহি উঠিল। দে টে—তুমি একোকে
নাজানা হে। মহাৰাণী যে মেম, তেওঁ গাখীৰ কল নাখায়।
এই বুলি টেকেলাই হাঁহিবলৈ ধৰিলে আৰু কলে, মহাৰাণীয়ে
জানো কল খায়, মহাৰাণীয়ে জানো গাখীৰ খায়? তেওঁ দেৱতাৰ
নিচিনা, ভোগো দেৱতাৰ নিচিনা কৰে। খাবৰ সময়ত সোণৰ
বাটিত সন্দেশ, ৰূপৰ বাটিত বতচা আনি আগত থয়। তাৰে মন
গলে কেতিয়াবা এটা খায়। জ, চা—নোখোৱাবোৰ একা?
নোখোৱাবোৰ চাগৈ পাৰিষদ সকলে খায়। দে, টে--খায় তে৷৷
তুলসীৰ লগত কল পটুৱাৰো মুক্তি হয়। দেৱতাৰ লগত
থাকিলে দেৱভোগৰ ভাগ পোৱাটো একো আচৰিত কথা নহয়।
এই দৰে মেল পাতি পাত সিহঁতে জলপান খালে, তামোল ধপাত খালে, খাই লৈ টেকেলা জন শুলে। জাহাজৰ চাকৰেও শুবৰ কাৰবাৰ কৰিবলৈ ধৰিলে। সিহঁতৰ কথা শুনি প্ৰথমে যদিও মোৰ হাঁহি উঠিছিল, সিহঁত নিস্তব্ধ হলত, মনত বৰ বেজাৰ লাগিল, আৰু বোধ হল অসমীয়াক যে এলেহুৱা বোলে বুলিব পায়। সিহঁতৰ বিবেচনাত একো নকৰি হাত সাবটি বহি থাকিবলৈ পালেই সুখ, আৰু কাম কৰিব লগা হলে দুখ।
দ্বিতীয়তঃ সিহঁতৰ ভোগৰ ভাব চাওক। সন্দেশ আৰু বতচাৰ তুল্য উপাদেয় সামগ্ৰী সিহঁতৰ বিবেচনাত পৃথিবীত নাই। ইয়াৰ পৰা বুজি লওক আমাৰ সামান্য তৰপৰ মানুহ বিলাক কিমান তলত আছে আৰু কিমান অজ্ঞ। এই বিলাক দুখৰ