পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৫ ]


ওলোৱা নাই। মানুহৰ নিত্য নৈমিত্তিক কৰ্ম্মকাব্যৰ ভিতৰতো অনেক আচৰিত কথা আছে। তাৰে এটাহে আপোনালোকৰ আগত নিবেদন কৰিম। ডাঙ্গৰীয়া সকল! যালৈ আমাৰ বৰ মৰম তাক আমি ছকুৰি বছৰ বা তদুৰ্দ্ধকাল জীয়াই থাকিবলৈ আশীৰ্ব্বাদ কৰোঁ। ছকুৰি বছৰ পৰমায়ু হওক, এই আশীৰ্ব্বাদ সকলোৱে আশীৰ্ব্বাদৰ শ্ৰেষ্ঠ বুলি বিবেচনা কৰে। এই আশী ৰ্ব্বাদত মানুহ বৰ সন্তুষ্ট হয়।। কিন্তু এই দৰে আশীৰ্ব্বাদ কৰিলে মৰম কৰাই হয় নে খিয়াল কৰাই হয়, মই ঠাৱৰাব পৰা নাই। মুঠ কথাত, ছকুৰি বছৰ জীয়াই থাক বুলি আশীৰ্ব্বাদ নকৰি যদি এই দৰে কোৱা যায়, “তুমি তিনি মূৰীয়া হোৱা, তুমি লাখুটিত ভিৰ নিদিয়াকৈ উঠিব নোৱাৰা হোৱা, তোমাৰ দাঁত এটিও নাইকিয়া হওক; ( চাপৰি আৰু হাঁহি ) তোমাৰ গোটে ইটো গা সোতোৰা পৰক,” তেনেহলে কেইজন মানুহ সন্তুষ্ট হব? মোৰ বিবেচনাত এনেকুৱা আশীৰ্ব্বাদত মানুহ সন্তুষ্ট হওক ছাৰি, সি আশীৰ্ব্বাদ দাতাৰ দাঁত বা শিৰ বা উভয়কে নভঙ্গাকৈ ( চাপৰি ) এৰি নিদিয়ে। অথচ গলিত নখদন্ত আৰু বলিত শৰীৰ কেৱল ছকুৰি বছৰ পৰমায়ুৰ ফল মাত্ৰ। ইয়াক শুনিলে মানুহৰ ক্ৰোধ হয় কিয়? মানুহে দীৰ্ঘায়ুস বাঞ্ছা কৰে, কিন্তু তাৰ ফলৰ কথা শুনিলে ক্ৰোধত বাউল হয়। ই বৰ আচ- ৰিত কথা। কিমাশ্চৰ্য্যমতঃপৰং। (চাপৰি আৰু আনন্দৰ কোৰ্হাল)

সভা আকৌ নিজম পৰিল।। বিদ্যানিধি ডাঙ্গৰীয়াই সভ্য- সকলৰ ফালে মুখ কৰি আকৌ আৰম্ভ কৰিলে। সভাসদ ডাঙ্গৰীয়া সকল।! দীৰ্ঘ জীৱনৰ অভিলাস মনুষ্য মাত্ৰৰেই আছে,