এৰি থিয় হল, আৰু হাত দুখনি উত্তৰীৰ তলত বুকুৰ ওচৰত
থুপুৰিয়াই লৈ কিছুমান পৰ চকু মুদি আছিল,ওঁং,তৎ,সৎ শব্দ
ফুটাই উচ্চাৰণ কৰি চকু মেলিলে, হাত দুখন তললৈ এৰি দিলে,
আৰু সভাপতিৰ ফাললৈ মুখ কৰি গভীৰ সুৰত গম্ভীৰ ভাবে
মাত লগালেঃ—ভো ভো মহৎ মৰ্য্যাদাবিশিষ্ট ভদ্ৰবংশতিলক
ডাঙ্গৰীয়া বৃন্দ! এই (নিজৰ গালৈ টোৱাঁই ) অভাজনক আজি
আপোনা সকলে যিৰূপ অভ্যৰ্থনা কৰিছে, অভাজন তদ্ৰুপ
অভ্যৰ্থনাৰ যথাৰ্থ যোগ্যপাত্ৰ নহয়। ই কেৱল আপোনালোকৰ
মহৎ হৃদয়ৰ চিনাকি। এই আদৰ অভ্যৰ্থনাৰ ঋণ পৰিশোধ
কৰিবলৈ যে মই কোনোবা কালত সমৰ্থবান্ হম, এনে আশা
মোৰ হৃদয়ত স্থাপন কৰিব নোৱাৰো। মোৰ প্ৰতি ঈদৃশ সম্মান
প্ৰদৰ্শন কৰি আপনালোকে কেৱল মোক ঋণপাপৰ চিৰবন্ধনত
পেলালে। আপোনালোকে নিজগুণে সেই বন্ধন মোচন কৰিব,
এই মোৰ ঐকান্তিক আশা। ( চাপৰি আৰু সজ সজ শব্দ )
ডাঙ্গৰীয়া বৃন্দ! সভাপতিৰ পাতনি বক্তৃতাত প্ৰকাশ যে
আপোনালোকে মোৰ মুখৰ পৰা উপদেশ বচন শুনিবলৈ হাবিয়াস
কৰি মোক নিমন্ত্ৰি আনিছে। ( চাপৰি ) কিন্তু এই অভাজন যে
এই বিজ্ঞমণ্ডলীক উপদেশ দিবৰ পাত্ৰ মোৰ এনে বিশ্বাস নাই,
তথাপি আপোনালোকৰ অনুৰোধ ৰক্ষাৰ নিমিত্তে দুই আষাৰ মান
কবলৈ অগ্ৰসৰ হলোঁ।
মোৰ বক্তৃতাৰ বিষয় কিমাশ্চৰ্য্যমতঃপৰং। এই বচন আষাৰ অৱশ্য মহাভাৰতৰ, সেই দেখি আপোনালোকে মহাভাৰতৰ কথা কম বুলি ভাবিব পাৰে। কিন্তু মই মহাভাৰতৰ কথা কবলৈ