পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
right
[৪৩]


নহয়। এখেত পাণিনি, মুগ্ধবোধ, কলাপ আদি ব্যাকৰণত যেনে অতুল্য, বেদ শাস্ত্ৰতো তেনে অতুল্য। এখেৰ ব্যাকৰণ বোধ দেখি আচৰিত মানি মহাৰাষ্ট্ৰ দেশৰ বাল মনোহৰজি তিলক মহাশয়ে বৰ উচ্চ দৰুৰ শলাগণিপত্ৰ দিছে। বেদৰ বিচাৰত সন্তুষ্ট হৈ মাদ্ৰাজৰ ভাই মেঘবৰ্ণ ৰাও, অযোধ্যাৰ শ্ৰীশ্ৰীপ্ৰেমজি পেটেৰিয়া কাশীৰ শ্ৰীশ্ৰীহৰলাল ডণ্ডক নৈয়ায়িক আৰু বঙ্গদেশৰ শ্ৰীচণ্ডী- প্ৰসাদ শাস্ত্ৰী মহাশয়কে আদি কৰি অনেক প্ৰসিদ্ধ পণ্ডিত সকলে বিস্ময় মানি শলাগণি পত্ৰ দিছে। ( চাপৰি ) এখেতৰ পিতৃদেৱো এজন সংস্কৃতজ্ঞ পণ্ডিত আছিল, আৰু তত ঘৰতে টোল পাতি চুবুৰীয়া লৰাক সংস্কৃত পঢ়াইছিল। ৱিদ্যানিধিৰ সংস্কৃত বিদ্যাৰ পাতনি এই টোলতে হয়। পাচত কোচবিহাৰ নদীয়া আৰু কাশী আদি ঠাইলৈ গৈ তত নানা শাস্ত্ৰ শিক্ষা কৰি পাৰ্গতালি লাভ কৰে, আৰু বিদ্যাবাগীশ, বিদ্যাবিনোদ, বেদান্ত বাগীশ, বিদ্যাসাগৰ, তৰ্কচঞ্চু আদি বহুত ডাঙ্গৰ ডাঙ্গৰ খ্যাতি প্ৰাপ্ত হয়। এখেতৰ মুখৰ পৰা অলপ উপদেশ বচন শুনিবলৈ আমাৰ বহুত দিনৰ পৰা হাবিয়াস আছিল। ( চাপৰি ) সেই দেখি বিদ্যানিধি ডাঙৰীয়াক কেন্দ্ৰসভাৰ পৰা পত্ৰ পঠিয়াই নিমন্ত্ৰণ কৰি অনা হৈছে। তত প্ৰথমে আহিব নোৱাৰিব বুলি উত্তৰ দিছিল, পাচে দ্বিতীয় পত্ৰৰ অনুৰোধত আজি কৃপা কৰি উপস্থিত হৈছে। এতিয়া ডাঙ্গৰীয়াই এই সভাত এটি বক্তৃতা দি সমাগত সভ্যমণ্ডলীৰ হাবিয়াস পূৰণ কৰক ( চাপৰি ) আৰু কেন্দ্ৰসভাৰ সভ্য সকলক ভবিষ্যতলৈ উৎসাহিত কৰক। (চাপৰি)

 সভাপতি ডাঙ্গৰীয়া বহিলত বিদ্যানিধি, ডাঙ্গৰীয়া আসন