পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪২ ]

 বিদ্যানিধিৰ বয়স আমাৰ অনুমানত তিনি কুৰিৰো ওপৰহে হব, কিন্তু মানুহ জন হলে ডাঠে আছে। সুন্দৰ থুলন্তৰ পুৰুষ, চুলি এগছ দুগছ মাথোন পকিছে, দাঁত এটিও সৰা নাই, মুখ পৰিষ্কাৰ, ডাৰি গোঁফ খুৰুৱা। কপালত ৰঙ্গাচন্দনৰ ৰেঘা। গাত চোলা নাই, উত্তৰী চেলেং খন মাথোন, লগুণত গঁড় খড়গৰ আঙ্গঠি।

 বিদ্যানিধি ডাঙ্গৰীয়াই আসনত বহি সভা ঘৰটিৰ চাৰিউ ফালে চকু ফুৰাই চালে। তাৰ পাচত কেন্দ্ৰসভা স্থাপয়িতা ডাঙ্গৰীয়া কেইজনৰ উৎসাহ বহুদৰ্শিতা আৰু দেশহিতৈষিতাৰ প্ৰশংসা কৰিলে। এই দৰে আলাপ অভ্যৰ্থনা হৈ যোৱাৰ পাচত, সভাপতি ডাঙ্গৰীয়া তেখেতৰ নিয়োজিত আসনৰ ওচৰলৈ গৈ থিয় হ'ল, আৰু সোঁহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে — ডাঙ্গৰীয়া সকল, আজি আমাৰ পৰম ভাগ্য; আজি অসম দেশৰ খ্যাতনামা পণ্ডিত প্ৰবৰ শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচায্য বিদ্যানিধি ডাঙ্গৰীয়া স্বয়ং সভাত উপস্থিত। ( চাপৰি ) তেখেতৰ আগমনত কেন্দ্ৰসভা পবিত্ৰ হল, ( চাপৰি ) আৰু আশা কৰোঁ যে ইয়াৰ পৰা কেন্দ্ৰসভাৰ নায়ক বিলাকৰ উৎসাহ ভবিষ্যতলৈ বৃদ্ধি হব। বিদ্যানিধি ডাঙ্গৰীয়াক অসমৰ সকলোৱে জানে, তথাপি নিয়ম ৰক্ষাৰ নিমিত্তে ডাঙ্গৰীয়াৰ বিষয়ে দুই আষাৰ মান চিনাকি বচন কবলৈ আগ বাঢ়িলোঁ।

 ডাঙ্গৰীয়াসকল! বিদ্যানিধি অসমদেশৰ অমূল্য কহিনুৰ, এখেৰ তুল্য পণ্ডিত আমাৰ দেশত আগেয়ে ওলোৱা নাই। এখেত সংস্কৃত ভাষাৰ মাক বাপেক বুলি কলেও বঢ়াই কোৱা