পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ অধিবেশন।
বিষয়—কিমাশ্চাৰ্য্যমতঃ পৰং।

 এদিন গধূলি ফুৰিবলৈ যাওঁতে এডাল আহঁত গছত আৰি দিয়া এখন জাননী দেখা পালোঁ। জাননীত বৰ বৰ আখৰেৰে “কেন্দ্ৰসভাৰ অধিবেশন” লিখা আছিল বুলি ওচৰ চাপি গৈ পঢ়ি চালত জানিব পাৰিলোঁ যে কাতি মাহৰ এদিনৰ দিনা কেন্দ্ৰ সভা বহিব, আৰু তাত ওপৰত লিখা বিষয়ে শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচাৰ্য্য, বিদ্যানিধি বি বা, বি বি, বি মা, ত চ, ডাঙ্গৰীয়াই বক্ততা দিব। বিদ্যানিধি ডাঙ্গৰীয়াৰ নাম বহুত দিনৰ পৰা শুনিছোঁ , কিন্তু মানুহ জনক হলে দেখা নাছিলোঁ৷। তেখেতে কেন্দ্ৰসভাত বক্তৃতা দিব বুলি শুনি বৰ ৰং পালোঁ। সভাৰ দিনা আন কাম পাচ কৰি ভাল এডখৰি ঠাই লৈ বহিবৰ নিমিত্তে দুই নৌ বাজেোঁতেই, সভালৈ গৈছিলোঁ, কিন্তু গৈ দেখোঁ যে আমাতকৈও আগেয়ে অনেক মানুহ আহি সভা ঘৰ ভৰি আছে। সভাপতিও আহিছে, আৰু আসনত বহি ওচৰত বহা সভ্যবিলাকৰে সৈতে আলাপ কৰি আছে। বিদ্যানিধি ডাঙ্গৰীয়া তেতিয়ালৈকে অহা নাছিল। আমি দুখনমান তামোল খাবৰ পৰ বহি থকাৰ পিচত তেখেত ওলালহি। তেখেত সভা ঘৰ সোমোৱা মাত্ৰেই সভাৰ সভ্যমণ্ডলীয়ে চাপৰি বজাই থিয় হল; আৰু সভাপতি ডাঙ্গৰীয়াই উঠি গৈ তেখেতক আদৰি আনি আসনত বহুৱালে।