পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪০ ]


ল'ৰাই অকালত প্ৰাণ হেৰুৱায়। ( চাপৰি ) কাকতী ডাঙ্গৰীয়াই ভাৰতৰ আন আন দেশৰ পাটন দিছে। ভাৰতৰ আন আন দেশতো ল'ৰা ছোৱালীৰ মৰণৰ সংখ্যা কম নহয়। ইউৰোপ আৰু আমেৰিকাৰ লগত ৰিজাই চালেই আচল কথা ধৰা পৰে। ( চাপৰি ) ইউৰোপৰ ল'ৰা শত দুজন মৰিলে ভাৰতৰ ল'ৰা শত চাৰি জনকৈ মৰে। কিন্তু আসামৰ নিচিনা জানিবা সিবোৰ দেশত জন্মৰ সংখ্যাতকৈ মৰণৰ সংখ্যা সৰহ নহয়। তাৰ কাৰণ আছে। সেই বোৰ দেশ অসমৰ নিচিনা জেকা দেশ নহয়। কোনোবা থলৰ এফালে যদি জেকা এফালে ওখ আৰু শুকান, গতিকে মুঠতে তাতো মৰণৰ সংখ্যা জন্মতকৈ সৰহ হব নোৱাৰে। বঙ্গদেশৰ কোনো কোনো অঞ্চল অসমৰ নিচিনা জেকা, সেই দেখি তাত অসমৰ নিচিনা মৰণো সৰহ। অসম গোটেই খন জেকা দেশ বুলি সকলোৱে জানে। ইয়াত মানুহ অৱশ্যে বেচি সাৱধানে থাকিব লাগে ( চাপৰি )। মলি মানুহৰ শৰীৰৰ পক্ষে এবিধ বিহ, তাক আমি অন্তৰেৰে ঘিনাব লাগে। মলিলৈ আন্তৰিক ঘৃণা নুপজিলে তাৰ হাতৰ পৰা আমি উদ্ধাৰ নাপাও হঁক। ( চাপৰি ) এতিয়া গধূলি হল, আপোনালোকক আৰু সৰহ পৰ নাৰাখোঁ, আজিকৈ সভা সম্বৰণ কৰা গল। ( চাপৰি )