পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৯ ]


ল'ৰা ছোৱালীৰ গা ধুৱাই দিলে জানো সিহঁতৰ কতবা কিবা দইন পৰে? ইউৰোপ আমেৰিকাত জানো দুখীয়া মানুহ নাই? ( চাপৰি ) পিচে, সিহঁতে লৰা ছোৱালীক কেনেকৈ পৰিষ্কাৰে ৰাখে? ঘৰৰ ঘৈনীয়ে যিখিনি পৰ মিনাইৰ মাকৰ আৰু ঘিনাইৰ ঘৈনীয়েকৰ নাক মুখ ব্যাখা কৰি কটায়, ( চাপৰ ) সেইখিনি পৰত লৰা ছোৱালীক ধুৱাই পখালি নিকা কৰিব পাৰে। ( চাপৰি ) মন থাকিলে মানুহে স্বৰ্গলৈকো যাব পাৰে বুলি কয়। ( চাপৰি ) ল'ৰা ছোৱালী পৰিষ্কাৰে ৰখাটো বৰ টান কথা নহয়। আচল কথা আমি মলি প্ৰিয় জাতি, ( চাপৰি ) মলি নহলে আমি থাকিবই নোৱাৰোঁ। ল'ৰাৰ মুখত মাটি, গাত ধূলি নাথাকিলে আমাৰ চকুত তাৰ ধুনেই নোলায়। ( চাপৰি )

 এই কেই আষাৰ কথা কৈ বৰুৱা বহিলত সভাপতি ডাঙ্গৰীয়া উঠিল, আৰু কোনোবা সভ্যই সভাক মন্তব্য নিবেদন কৰিবনে নকৰে সুধিলে। পাচে কেওঁ নুঠা দেখি সভাপতিয়ে নিজে কবলৈ ধৰিলে—ডাঙ্গৰীয়া সকল! আমাৰ দেশত যে দিনক দিনে জনসংখ্যা কমি যাবলৈ লাগিছে; ই সঁচা কথা। মৰণ জীৱনত অৱশ্যে মানুহৰ হাত নাই, তথাপি শাস্ত্ৰত বাচি খাবলৈ আৰু জাগি শুবলৈ কৈছে ( চাপৰি )। সদাই পৰি- স্কাৰে থাকিলে হে মানুহ দীৰ্ঘায়ুস হয়, ইয়াক কেওঁ মিছা বুলিব নোৱাৰে ( চাপৰি )। পৰিষ্কাৰে থকা খোৱা জাতি বিলাকৰ ভিতৰত মৰণ সততে কম দেখা যায়। হাজৰিকাৰ কথা কেই আষাৰ অৱশ্যে শলাগিব লগীয়া। ( চাপৰি ) আমি মলিক মলি যেন নাভাবোঁ। লেতেৰাকৈ ৰখাৰ নিমিত্তেহে বহুত