পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৮ ]


থাকে, ( চাপৰি ) পিচে, সেই বোৰ ল'ৰা ছোৱালী গোটেই মৰি ঢুকাইছেনে? দিনক দিনে চোন বাঢ়িহে যাবলৈ লাগিছে। হাজৰিকা যদিও বয়সত বুঢ়া, চামুচধাৰী, চেলেউ থোৱা চাহাব হবলৈ তেখেতৰ এতিয়াও হেপাহ গুচা নাই। ( চাপৰি ) সেই দেখিহে তেখেতৰ ল'ৰা কেইটাক একেবাৰে বিলাতী চাহাব। কৰিছে। হাজৰিকা ডাঙ্গৰীয়া আঢ্যৱন্ত মানুহ, তেখেতে ল'ৰা ছোৱালীক আপডালত ৰাখিব পাৰে। কিন্তু সকলোৰে ভাগ্য তো তেনে ৰৰৈয়া নহয়। দুখীয়া মানুহে ল'ৰা চিকোনাই দিন কটালে হাজৰিকাই সিহঁতক খাবলৈ পেনচন দিবনে? হাজৰিকাই আমাৰ ঘৰবোৰ আন্ধাৰ আৰু ভেটি জেকা বুলি নিন্দিছে, কিন্তু বৰ চাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ আমাৰ সমৰ্থ নাই। সন্দিকৈ--আজিৰ সভাত বক্তৃতা দিবৰ মোৰ সমূলি মন নাছিল কিন্তু কাকতীৰ কথা কেই আষাৰ শুনি নুঠি থাকিব নোৱাৰিলোঁ। বৰচাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ বোলে তেখেতৰ সমৰ্থ নাই। হাজৰিকাই জানো সকলো অসমীয়াক বঙ্গলা সাজি থাকিবলৈ কলে? কিয়, সৰু ঘৰ জানো দুখন খিৰিকি কাটি পোহৰ কৰিব নোৱাৰি? ( চাপৰি ) সৰু ঘৰৰ জানো ভেটি ওখ কৰিব নোৱাৰি? অসমীয়া মানুহে এই ফেৰা কাম কৰিও গা ভালে ৰাখিব নোখোজে। তাকে কোৱাত আকৌ কাকতীৰ খং ( চাপৰি )।

 বৰুৱা— ডাঙ্গৰীয়া সকল! কাকতীয়ে কয় যে ভাগ্য ৰৰৈয়া নহলে ল'ৰাক পৰিষ্কাৰে ৰাখিব নোৱাৰি। এই আষাৰ কথা তেখেতৰ মই বুজিব নোৱাৰিলোঁ ( চাপৰি )। দুখীয়া মানুহে