পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৭ ]


আৰু মেলি লাগি পিঠা বান্ধি থাকে তাৰ ঠিক নাই। এই আমাৰ ল'ৰাৰ অৱস্থা। ( চাপৰি ) এনে অৱস্থাতে যে এটাইবোৰ নমৰি দুই চাৰিটা ডাঙ্গৰ হয়, ই কেৱল মানুহৰ জীউ বৰ লেটেকা দেখিহে। এনেকুৱা ল'ৰা ছোৱালী পৃথিবীত থকাতো যদি যমে শুধা ভাত খায়, তেনেহলে তাক দীঘলকণীয়া গাধহে বুলিব পাৰি। ( চাপৰি )

 কাকতীও কেন্দ্ৰ সভাৰ এজন লেখৰ সভ্য। এওঁ অস- মীয়াৰ পুৰণি নিয়ম এটিও এৰা নাই। খোৱা শোৱা আদি ক্ৰিয়াকৰ্ম্ম এটাইখিনি এওঁ পুৰণি নিয়ম মতে কৰে। চতৰ বিহুৰ নাচন বাগন অসমৰ পৰা তুলি দিবৰ কথা হোৱাত, তাক ৰাখিবলৈ মুখিয়াল হৈ হজুৰত দৰখাষ্ট দিছিল আৰু সেই বাবে এওঁ এজন পৰম দেশ হিতৈষী লোক বুলি প্ৰখ্যাত। হাজৰিকা বহিলত এওঁ থিয় হল আৰু খঙত কপনি তুলি কবলৈ ধৰিলে-— ডাঙ্গৰীয়া সকল! হাজৰিকা ডাঙ্গৰীয়াই আজি আমাক আচৰিত কথা শুনালে, তেখেতে ঈশ্বৰৰ বিষয় খন গোটাই কাঢ়ি ললে যেন বোধ হয়।। এতিয়াৰ পৰা তেখেতহে মাৰণ তাৰণৰ গৰাকী হ'ল ( চাপৰি আৰু হাঁহি ) তেখেতে পৰিষ্কাৰ থাকি ইহকালৰ বৈভব আৰু পৰকালৰ মোক্ষ উভয়কেই লাভ কৰিব খুজিছে। লেতেৰা হৈ থাকে দেখিহে আমাৰ ল'ৰা- ছোৱালীবোৰ মৰে? কিয়? ভাৰতৰ আন আন দেশৰ ল'ৰা ছোৱালীবোৰক কিবা সোণৰ সফুঁৰাত ভৰাই থয় নে কি? ( চাপৰি ) সিহঁতৰো চোন নাকত “শেঙ্গুনৰ টেপা”, “কোৱাৰিত লালাউটিৰ ৰেখা” বুকুত “গাখীৰ কলৰ প্ৰলেপ ”