পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৫ ]


ভিতৰত যমৰ এটা বাপতীয়া ভাগ আছে। ( চাপৰি ) আমি মহা ধৰ্ম্মিষ্ঠ মানুহ, লোকৰ হক ভাগত হাত দিব নোখোজোঁ। বগা বঙাল টেঙ্গৰ প্ৰবঞ্চক; সেই দেখি সিহঁতে যমৰ ভাগৰো চহা কাটে। কিন্তু ঢিলা পালে যে ঠিলা টানকৈ মাৰে, ই কথা আমাৰ মনত নাই। ( চাপৰি ) বগা বঙ্গাল টান মানুহ, সিহঁতক বলে নোৱাৰি যমে সেই ভাগৰ স্বত্ত্ব আগধৰি এৰি দিছে, আমাক ঢিলা পাই, আমাৰ ল'ৰা ছোৱালীৰ ভাগটো এৰিব নোখোজে, এই আচল কথা। কিন্তু ডাঙ্গৰীয়া সকল! মই হলে যমক দুষিব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালী নমৰিব যদি মৰিব কাৰ? আমাৰ ঘৰত ল'ৰা উপজিয়েই পায় কি? ভিজা মাটি আৰু আন্ধাৰ ঘৰ। মাকৰ গৰ্ভ অৱশ্যে ভিজা আৰু আন্ধাৰ, আৰু তাৰ ভিতৰতেই ল'ৰা বাঢ়ে। এতেকে গৰ্ভৰ আন্ধাৰে আৰু ভিজা ঠায়ে লৰাক সুজে বুলি কব পাৰে। কিন্তু সেই আন্ধাৰে আৰু ভিজা ঠায়ে যে পৃথিবীতো তাক সুজিব এনে কথা ঠাৱৰ কৰি কব নোৱাৰি। ( চাপৰি ) জেকা আৰু আন্ধাৰ ঘৰ জীৱনৰ পথ্য বুলি চবক সুশ্ৰুত কতো পোৱা নাযায়। তোৰ পিচত বায়ু। লৰাৰ নতুন কুমলীয়া হাওঁ- ফাওঁলৈ আমি কেনে বায়ু যতনাই থওঁ। থু, খেকাৰ, ভেকুৰা মাটি, গেলা তামোলৰ বাকলি, কেটেহা কাপোৰ আৰু আলান্ধু আদি নানাবিধ মচলাৰে ভাৱনা দি এনে বায়ু, যুগুত কনি থওঁ যে তাৰ এটা নিশ্বাস ললেই সকলো ৰোগৰ গুটি ল'ৰাৰ ভিতৰলৈ যায়। ( সজ সজ) এই আমাৰ ল'ৰা ছোৱালীৰ জন্ম কাহিনী : পাচত সিহঁত ডাঙ্গৰ দীঘল হয় কেনেকৈ তাকো