পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩8 ]


যাব লাগিছে।। চৰকাৰী কাকত মতে অসমত মৰে সৰহ, ওপজে অলপ, দুহাজাৰ উপজিলে আঢ়ৈ হাজাৰ মৰে। মৰণৰ সংখ্যা সৰু ল'ৰা ছোৱালীৰ ভিতৰতেই বেচি। আন দেশৰ ব্যৱস্থা বেলেগ, তাত সৰহ ওপজে, অলপ মৰে। অসমত নো এনেকুৱা কিয় হয়? ( চাপৰি ) কেলৈ আমাৰ লৰা ছোৱালী ইমানকৈ মৰে? মই প্ৰশ্নটো কৰাত কেইজনমান সভ্যই হাঁহিছে। হয়, সিবিলাকে হাঁহিব পাৰে, কিয়নো সিবিলাকৰ বিবেচনাত মৰণ জীৱন বিধিৰ নিবন্ধ, তাত মানুহৰ হাত নাই। কিন্তু মই সোধোঁ, যে ইউৰোপ আৰু আমেৰিকা আদি সভ্য দেশৰ ল'ৰা ছোৱালীৰ মৰণ কম কিয়? সেই বোৰ দেশৰ মৰণ জীৱনৰ কাকতো আপোনালোকে দেখিছে। পাচে, তাত ল'ৰা ছোৱালীৰ মৰণ কিমান দেখিছে? সিহঁত বৰণত বগা হৈ মৰণন হাত এৰাইছে নে কি? ( চাপৰি ) নে যমৰজাই সিহঁতক কৃপা কৰিছে? আমাৰ টেটুৰ পৰা হলে তেওঁ হাতকে নাদাঙ্গে। কলা মানুহলৈ তেওঁৰ কিবা পুৰণি খিয়াল আছে নে কি? ( চাপৰি ) অসমীয়া মাইকী যে ল'ৰা ফুকুৱাত বগা মাইকীতকৈ অপাকৈত এনে কথা ও কোনো চকু থকা মানুহে কব নোৱাৰে। একোজনীয়ে ১৪/১৫ টাৰ কম নকৰে। পিচে, তাৰ ভিতৰত কেইটা ডাঙ্গৰ হৈ অসমীয়াৰ সমাজ বঢ়ায়? পোন্ধৰটাৰ ভিতৰত পাঁচোটা থাকিলেও বাপেক মাকে পৰম ভাগ্য বুলি মানে। ( চাপৰি )

 ল'ৰা ছোৱালী সম্বন্ধে আমাৰ মনত এটি গুপ্ত বিশ্বাস আছে। বিশ্বায়টি এই যে আমাৰ যিমান ল'ৰা ছোৱালী ওপজে তাৰ